দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰাৰ টুমনিত আছুৰ উদ্যোগত বিনামূলীয়া পাঠাদান শিবিৰ। গৰমৰ বন্ধত বিদ্যালয় সমূহ বন্ধ থকাৰ ফলত দক্ষিণ শালমাৰাত আছুয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিটা বিষয়ৰ ওপৰত বিনামূলীয়া পাঠদান শিবিৰৰ আয়োজন কৰিছে।
উল্লেখযোগ্য যে দক্ষিণ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত টুমনি কে এম জি এ ই মাদ্ৰাছাত অঞ্চলটোৰ নৱম আৰু দশম শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিতৰ ওপৰত এই বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় এমাহ ধৰি চলিবলগীয়া এই বিনামূলীয়া পাঠদান শিবিৰত প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।
লগতে পঢ়ক – প্ৰতিদিনে পৰিৱেশ দিৱস পালন কৰা অসমৰ এখন গাঁৱৰ ৰাইজে
গৰমৰ বন্ধত যাতে ছাত্ৰ-ছাত্ৰী সকল অধ্যনৰ পৰা আতৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে আছুৱে প্ৰতি বছৰে টুমনিত এমহীয়া বিনামূলীয়া পাঠদান শিবিৰৰ আয়োজন কৰি আহিছে। পাঠদান শিবিৰ সমাপ্ত হোৱাৰ পিছত শিক্ষাৰ্থী সকলৰ মুল্যায়নৰ বাবে এখন পৰীক্ষাও অনুষ্ঠিত হ’ব বুলি দক্ষিণ শালমাৰা-মানকাচৰ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ৰাকিবুল ইছলামে জানিবলৈ দিয়ে।