গুৱাহাটী : দেওবৰীয়া ৰেপিড দবা প্ৰতিযোগিতা ত্ৰয়োদশ সংস্কৰণ। গুৱাহাটী দবা একাডেমীয়ে ১৫ মে’ত দেওবাৰে আৰ জি বৰুৱা পথত অৱষ্ঠিত একাডেমী চৌহদত দেওবৰীয়া ৰেপিড দবা প্ৰতিযোগিতা ত্ৰয়োদশ সংস্কৰণ আয়োজন কৰিছে।
প্ৰতিযোগিতাখন ১৫ মে’ দেওবাৰে ১০ বজাত আৰম্ভণি হ’ব আৰু সেইদিনাই বিয়লি ৪ বজাত বঁটা বিতৰণী অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনত সৰ্বাধিক ৪০জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰথম পাঁচটা স্থান অধিকাৰ কৰা খেলুৱৈ সকলক নগদ ধন আৰু ট্ৰফী প্ৰদান কৰা হ’ব।
লগতে পঢ়ক – গাৰো পাহাৰৰ পানীৰ ঢলে হাহাকাৰ সৃষ্টি কৰিছে অসম-মেঘালয় সীমান্তত
ইয়াৰ বাহিৰেও অনুৰ্দ্ধ ৭ বছৰ, অনুৰ্দ্ধ ৯ বছৰ, অনুৰ্দ্ধ ১১ বছৰ, অনুৰ্দ্ধ ১৩ বছৰ আৰু অনুৰ্দ্ধ ১৫ বছৰ বয়সৰ প্ৰথম তিনিটা স্থান অধিকাৰ কৰা খেলুৱৈ সকলক পদক প্ৰদান কৰা হ’ব। প্ৰতিযোগিতাখন ছুইছ লীগ পদ্ধতিত ছয় ৰাউণ্ডৰ বাবে অনুষ্ঠিত হ’ব। এজন খেলুৱৈয়ে এখন খেলৰ বাবে সৰ্বাধিক বিশ মিনিট সময় পাব।