নিউজ ডেস্ক: ইমৰাণ খানৰ গ্ৰেপ্তাৰক অবৈধ ঘোষণা পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ। বৃহস্পতিবাৰে পাকিস্তানৰ মুখ্য ন্যায়াধীশ ওমৰ আতা বান্দিয়ালে আদালতৰ চৌহদৰ পৰা কেনেকৈ এজন লোকক গ্ৰেপ্তাৰ কৰিব পাৰে বুলি প্ৰশ্ন কৰে। ইমৰাণ খানক শীঘ্ৰেই মুকলি কৰি দিবলৈয়ো নিৰ্দেশ প্ৰদান কৰে ন্যায়াধীশগৰাকীয়ে।

জানিব পৰা মতে, পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি উচ্চতম ন্যায়ালয়ে নেশ্যনেল একাউন্টেবিলিটি ব্যুৰো চমুকৈ এনএবিক এঘন্টাৰ ভিতৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

সেইমৰ্মে বিয়লি ৪:৩০ বজাৰ ভিতৰত হাজিৰ হ’ব লাগিছিল যদিও ৫:৪০ বজাত হাজিৰ কৰা হয়। ১৫খন বাহনৰ বেষ্টনিত ইমৰাণ খানক আদালতলৈ অনা হয়।

উচ্চতম ন্যায়ালয়ৰ ৰায়দান ইমৰাণ খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফ দলৰ বাবে ‘সকাহ’ হ’ব বুলি কোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply