নিউজ ডেস্ক: শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ২০২২ চনত জাৰি কৰা এক নিৰ্দেশনাৰ পৰিসৰ বৃদ্ধি কৰে। য’ত উল্লেখ কৰা হৈছিল যে, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ঘৃণামূলক ভাষণ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ কেৱল উত্তৰ প্ৰদেশ,দিল্লী আৰু উত্তৰাখণ্ড চৰকাৰকহে দিছিল।
আদালতে কয় যে যেতিয়াই কোনোবাই ঘৃণামূলক ভাষণ দিয়ে তেতিয়াই চৰকাৰসমূহে কোনো অভিযোগ নোহোৱাকৈ এফআইআৰ (FIR) ৰুজু কৰিব লাগে। ঘৃণামূলক ভাষণৰ সৈতে জড়িত গোচৰত গোচৰ পঞ্জীয়নত পলম হোৱাটো আদালত অৱমাননা বুলি গণ্য কৰা হ’ব।
আদালতে ক’লে – এনেবোৰ গোচৰত ব্যৱস্থা গ্ৰহণ কৰাৰ সময়ত বক্তব্য দিয়া ব্যক্তিজনৰ ধৰ্মৰ প্ৰতি গুৰুত্ব দিয়া উচিত নহয়। একেদৰে ধৰ্মনিৰপেক্ষ দেশৰ ধাৰণাটোও জীয়াই ৰাখিব পাৰি। লগতে কয় যে ঘৃণামূলক ভাষণ এটা গুৰুতৰ অপৰাধ, যাৰ প্ৰভাৱ দেশৰ ধৰ্মনিৰপেক্ষ দিশটোতো পৰিব পাৰে।
গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ কে এম জোচেফ আৰু বি ভি নাগাৰত্নৰ বিচাৰপীঠে কয় যে ধৰ্মৰ নামত আমি ক’ত উপনীত হ’লোঁ? ন্যায়াধীশসকল অৰাজনৈতিক আৰু তেওঁলোকৰ মনত কেৱল ভাৰতৰ সংবিধানহে থাকে। বুজাই দিয়ক যে উচ্চতম ন্যায়ালয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দাখিল কৰা ঘৃণামূলক ভাষণৰ সৈতে জড়িত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰি আছে।
ইয়াৰ পূৰ্বে সাংবাদিক শ্বাহীন আব্দুল্লাই ঘৃণামূলক বক্তব্য দিয়াসকলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰাৰ দাবীত আদালতত আবেদন দাখিল কৰিছিল। এই সন্দৰ্ভত ২০২২ চনৰ ২১ অক্টোবৰত দিল্লী, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড চৰকাৰক এনে গোচৰত অভিযোগ নোহোৱাকৈ গোচৰ পঞ্জীয়ন কৰিবলৈ আদালতে নিৰ্দেশ দিছিল।
শুকুৰবাৰে আদালতে এই নিৰ্দেশৰ পৰিসৰ বৃদ্ধি কৰিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ১২ মে’ত হ’ব ।