নিউজ ডেস্ক- সোমবাৰে উচ্চতম ন্যায়ালয়ে ঘোষণা কৰে যে বিবাহ বিচ্ছেদৰ বাবে ৬ মাহ অপেক্ষা কৰাটো এতিয়া বাধ্যতামূলক নহয়। বিবাহ বিচ্ছেদ গোচৰত উচ্চতম ন্যায়ালয়ে এই ৰায়দান প্ৰদান কৰে।

জানিব পৰা মতে, ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, সঞ্জীৱ খান্না, এ এছ ওকা, বিক্ৰম নাথ আৰু জে কে মহেশ্বৰীৰ সংবিধান বিচাৰপীঠৰ মতে,  বিচ্ছেদ অনিবাৰ্য আৰু দুয়োপক্ষই সন্মতি দিয়া গোচৰত বিবাহ বিচ্ছেদৰ বাবে এতিয়া ছমাহৰ অপেক্ষাৰ সময়সীমা নাই। কিন্তু শিশুৰ জীৱিকা, ভৰণ-পোষণ আৰু অধিকাৰৰ দিশটো বিবেচনা কৰিহে আদালতে ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখ্য যে, হিন্দু বিবাহ আইনৰ ১৩বি ধাৰা অনুসৰি বিবাহ বিচ্ছেদৰ জাননী দিয়াৰ পৰা ছমাহ অপেক্ষা কৰাটো বাধ্যতামূলক। এই ছমাহৰ ভিতৰত আদালতে কোনো ব্যৱস্থা ল’ব নোৱাৰে। আজি সংবিধানৰ ১৪২ অনুচ্ছেদৰ অধীনত বিশেষ ক্ষমতা প্ৰয়োগ কৰি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে যদি পাৰস্পৰিক সন্মতি থাকে তেন্তে ছমাহ অপেক্ষা নকৰাকৈ আদালতে বিবাহ বিচ্ছেদত অনুমোদন দিব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply