নিউজ ডেস্ক- কালি নতুন সাংসদ ভৱন ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মৱে উদ্বোধন কৰিব লাগে বুলি লোক সভা সচিবালয়ক নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়লয়ত অধিবক্তা জয়া সুকিনে এখন আৱেদন দাখিল কৰে।
উল্লেখ্য যে, অধিবক্তা জয়া সুকিনে দাখিল কৰা আবেদনখনত কোৱা হয় নতুন সংসদ ভৱন উদ্বোধন সন্দৰ্ভত লোক সভা সচিবালয়ে ১৮ মে’ত জাৰি কৰা অধিসূচনা আৰু লোক সভাৰ সচিব প্রধানে জনোৱা আমন্ত্রণ সংবিধানৰ উলংঘন। আৰু ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰথম নাগৰিক আৰু সংসদৰ মুৰব্বী আৰু নতুন সংসদ ভৱনটো ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিব লাগে বুলি এটা নিৰ্দেশ দিব লাগে। কাৰণ সংবিধানৰ মতে, ভাৰতৰ ৰাষ্ট্ৰপতি, ৰাজ্য সভা আৰু লোক সভাক লৈ সংসদ গঠিত হয়।
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী পক্ষক নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰিবলৈ বিৰোধী পক্ষই লোৱা সিদ্ধান্তৰ বাবে আওপকীয়াকৈ সমালোচনা কৰে। কভিড মহামাৰীৰ সময়ত বিদেশী ৰাষ্ট্ৰবোৰলৈ কভিডৰ ভেকচিন ৰপ্তানি কৰাৰ কাৰণে কেন্দ্ৰক প্ৰশ্ন কৰাৰ বাবেও তেওঁ বিৰোধী পক্ষক সমালোচনা কৰে।
উল্লেখ্য যে ২৮ মে’ত মোদীয়ে নতুন সংসদ ভৱনটো উদ্বোধন কৰিব। কিন্তু উদ্বোধনী অনুষ্ঠান ২০টা বিৰোধী দলে বৰ্জন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্রধানমন্ত্ৰীৰ বিৰুদ্ধে আক্রমণ বৃদ্ধি কৰি কালি কংগ্ৰেছে কয় যে ‘এজন ব্যক্তিৰ অহংকাৰ আৰু নিজকে দাঙি ধৰাৰ ইচ্ছাই’ প্ৰথমগৰাকী জনজাতীয় মহিলা ৰাষ্ট্ৰপতিক নতুন সংসদ ভৱন উদ্বোধনৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰিলে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খৰ্গেই অভিযোগ কৰে যে মোদী চৰকাৰৰ ‘আঁকোৰগোজালি’য়ে সংসদীয় ব্যৱস্থা ‘ধ্বংস’ কৰিলে।
আনহাতে খৰ্গেই টুইট কৰি কয়, “মোদী ডাঙৰীয়া, সংসদ হ’ল জনসাধাৰণে স্থাপন কৰা গণতন্ত্ৰৰ মন্দিৰ। ৰাষ্ট্ৰপতিৰ পদবীটো সংসদৰ প্ৰথম অংশ। আপোনাৰ চৰকাৰৰ আঁকোৰগোজালিয়ে সংসদীয় ব্যৱস্থা ধ্বংস কৰিলে। সংসদ ভৱনটো উদ্বোধন কৰিবলৈ ৰাষ্ট্ৰপতিৰ ক্ষমতা কাঢ়ি নি আপুনি কি দেখুৱাবলৈ বিচাৰিছে সেই কথা ১৪০ কোটি ভাৰতীয়ই জানিবলৈ বিচাৰে।”