নিউজ ডেস্ক: বহিষ্কৃত প্রদেশ যুৱ কংগ্ৰেছৰ নেত্রী অংকিতা দত্তই ৰুজু কৰা যৌন নিৰ্যাতনৰ গোচৰত এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্রীনিবাস বি ভি। শেহতীয়া ভাৱে শ্ৰীনিবাসে গৌহাটী উচ্চ ন্যায়ালয়ৰ পৰা জানিম লাভ নকৰাত প্ৰত্যাহ্বান জনাই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত জামিন আবেদন কৰে। আজি উচ্চতম ন্যায়ালয়ে শ্রীনিবাসে দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব।
যদি শ্ৰীনিবাসৰ জামিন আবেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰে তেন্তে তেওঁৰ বিকল্পৰ পথ একেবাৰে বন্ধ হৈ যোৱাৰ দৰে হৈ পৰিব।
উল্লেখ্য যে, যুৱ কংগ্ৰেছৰ পৰা বহিষ্কৃত অংকিতা দত্তই যৌন নিৰ্যাতনৰ অভিযোগ তুলি যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্রীনিবাস বি ভিৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিল। ইয়াৰ পিছতেই শ্ৰীনিৱাসক বিচাৰি APS মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দলে বাংগালুৰুৰ বাসগৃহত বিচাৰি গৈছিল যদিও বিচাৰি নোপোৱাত দিছপুৰ থানাত হাজিৰ হোৱাৰ বাবে ঘৰৰ বেৰতই জাননী আঁৰি আহিছিল।
এই জাননীৰ পিছতেই শ্ৰীনিবাসে বেংগালুৰুৰ এখন আদালতত জামিন আবেদন কৰে কিন্তু তেওঁৰ আবেদন নাকচ কৰিছিল। ইয়াৰ পিছতেই দিছপুৰ থানাত ৰুজু হোৱা গোচৰ খাৰিজ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হয়। ইয়াৰ সমান্তৰালকৈ অগ্রিম জামিনৰ বাবেও শ্ৰীনিবাসে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰে। লক্ষণীয়ভাৱে শ্ৰীনিবাসৰ এই দুয়োখন আবেদনেই নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
গুৱাহাটী উচ্চ ন্যায়ালৰ জামিন আবেদন নাকচ পিছতেই শ্ৰীনিবাসৰ গ্ৰেপ্তাৰ হোৱাৰ প্ৰৱল সম্ভাৱনা বৃদ্ধি পাই। কিন্তু উচ্চ ন্যায়ালয়ৰ নির্দেশক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্রীনিবাস বি ভি।
লগতে পঢ়ক – ভাৰত-ভূটান সীমান্তত পুনঃ নিৰ্মিত জালিমুখ বান্ধৰ কামৰ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ