আজি উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বৈধতাক লৈ শুনানি
আজি উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বৈধতাক লৈ হ’ব শুনানি।
২৮ টা খিলঞ্জীয়া দল-সংগঠনৰ গোচৰৰ ভিত্তিত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ আদালতত হ’ব শুনানি।
অসম সন্মিলিত মহাসভায়ো CAAৰ বিৰুদ্ধে গোচৰ তৰিছিল।
মুখ্য ন্যায়াধীশৰ ১নং আদালতত ৩ জনীয়া বিচাৰপীঠত হ’ব শুনানি।
শুনানিৰ সময়ত কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকিব। ইতিমধ্যে শুনানিৰ বাবে উপস্থিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব।