নতুন দিল্লীঃ উচ্চতম ন্যায়ালয়ে আজি পুনৰ সমকামী বিবাহ বৈধকৰণৰ সম্পৰ্কত ১৫ খন আবেদনৰ শুনানি ল’ব। ইতিমধ্যে মঙলবাৰ পৰা মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ এছ কে কৌল, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ হিমা কোহলীক লৈ গঠিত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে সমকামী বিবাহক বৈধতা কৰিব লাগে নে নালাগে তাক লৈ চূড়ান্ত শুনানি গ্ৰহণৰ আৰম্ভ কৰিছে।
ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা দাখিল কৰা শপতনামাত সমকামী বিবাহক স্পষ্টভাৱে বিৰোধীতা কৰিছে। কেন্দ্ৰীয় চৰকাৰে শপতনামাত লিখিছে যে, “সমকামী বিবাহক বৈধ ঘোষণা কৰিব পাৰে কেৱল সংসদে, ন্যায়ালয় এই বিষয়টোৰ পৰা আঁতৰি থকা উচিত”।
মঙলবাৰে শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল (এছজি) তুষাৰ মেহতাই সমকামী বিবাহৰ বিপক্ষে যুক্তি দৰ্শাই কৈছিল যে, সমকামী বিবাহৰ বিষয়টো এনে এক বিষয় নহয় যে, যাৰ ওপৰত এফালে বহি থকা পাঁচজন লোক, আনফালে বহি থকা পাঁচজন লোক আৰু বিচাৰপীঠত বহি থকা পাঁচজন বিদ্বানে বিতৰ্ক কৰিব পাৰে। ইয়াৰ বাবে দক্ষিণ ভাৰতৰ কৃষক আৰু উত্তৰ ভাৰতৰ ব্যৱসায়ীসকলৰ মতামতও জানিব লাগিব।
ইফালে আবেদনকাৰী জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীয়ে কয় যে, আমি আমাৰ ঘৰত গোপনীয়তা বিচাৰো। আমি যাতে কোনো সামাজিক স্থানত লাঞ্চনা সন্মুখীন হ’ব নালাগে। দুজন লোকৰ বিবাহ আৰু পৰিবাৰক লৈ তেনেকুৱাই ব্যৱস্থা হওক, যেনেদৰে এতিয়া আনৰ বাবে চলি আছে আমি সেইয়াই বিচাৰোঁ।
আন এগৰাকী আবেদনকাৰীয়ে কয় য, আমি বৃদ্ধ হৈ আহিছোঁ। আমিও বিবাহক সন্মান কৰাটো বিচাৰো। আজিৰ পৰিস্থিতি কেনেকুৱা? এই সকল লোকক গে (Gay) বুলি কোৱা হয়। যদি তেওঁলোকৰ কৰবাৰলৈ যায় তেতিয়া মানুহে তেওঁলোকক চাবলৈ আৰম্ভ কৰে। অনুচ্ছেদ A ২১ ৰ অধীনত এইয়া অধিকাৰৰ ওপৰত প্ৰতিবন্ধন আৰু উলংঘন কৰা হয়। আপুনি নিজেই অনুজ গাৰ্গৰ ক্ষেত্ৰত যৌনতাৰ সংজ্ঞা স্বীকাৰ কৰিছে, য’ত কোৱা হৈছে যে যৌনতাৰ অৰ্থ হৈছে যৌন আকাংক্ষা সেইয়া নহয় য’ত কেৱল পুৰুষ বা মহিলা হ’ব লাগিব।
ইফালে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা শপতনামাত এই বুলিও উল্লেখ কৰে যে, চহৰৰ এলিট ক্লাছে (উচ্চ বৰ্গ) হে কেৱল সমকামী বিবাহৰ বৈধতা ডিমাণ্ড কৰিছে। যদি এনে আইন প্ৰণয়ন হয় তেতিয়া হ’লে সাধাৰণ নাগৰিকৰ স্বাৰ্থত প্ৰভাৱিত হ’ব। হিন্দু ধৰ্মত বিবাহক এক সংস্কাৰ বুলি গণ্য কৰা হয়, আনকি ইছলামধৰ্মতো। সেয়েহে, এই আৱেদনবোৰ খাৰিজ কৰিব লাগে।
ধৰ্মীয় সংগঠন সমূহেও এনে বিবাহৰ বিৰোধিতা কৰা দেখা গ’ল। হিন্দু সংগঠন সমূহে বেদ, মনুস্মৃতিৰ উদ্ধৃতি দি এনে বিবাহ সমাজৰ অগ্ৰহণ যোগ্যতাৰ কথা কয়। মুছলমান সকলেও এনে সমকামী বিবাহ ইছলাম বিৰোধী বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে, সৰ্ব্বোচ্চ ন্যায়ালয়ে সমকামী বিবাবহৰ সকলো শুনানি বৃহস্পতিবাৰৰ ভিতৰত শেষ কৰিব। যাৰ বাবে পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে নিয়মীয়াকৈ আবেদনকাৰী আৰু চৰকাৰী পক্ষৰ মতামত ল’ব। তাৰ পিছতেহে স্পষ্ট হ’ব ভাৰতত সমকামী বিবাহৰ বৈধতা দিব নে নিদিয়ে।
লগতে পঢ়ক – National Panchayat Awards ত তৃতীয় স্থান লাভ অসমৰ নগাঁও জিলাৰ এখন পঞ্চায়ত