নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুৰদৰ্শী পৰিকল্পনা আৰু পৰামৰ্শৰ আধাৰত  অসম স্বাস্থ্য বিভাগে এপ্ৰিল মাহত ৰাজ্যখনত স্বাস্থ্যসেৱা উৎসৱৰ আয়োজন কৰি চিকিৎসালয় সমূহত আন্তঃগাঁথনি, মানৱ সম্পদ, সেৱা নিৰূপণ আদিৰ পুংখানুপুংখ মূল্যায়ন কৰে । এই স্বাস্থ্যসেৱা উৎসৱৰ তথ্য বিশ্লেষণেৰে ভৱিষ্যত কাৰ্যব্যৱস্থা সৰ্ন্দভত পৰ্যালোচনা কৰাৰ বাবে আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা “স্বাস্থ্যসেৱা উৎসৱ সমাৰোহ”খন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ে উদ্বোধন কৰা হয় ৷ 

দিনযোৰাকৈ আয়োজিত এই সমাৰোহৰ বিয়লিৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সাংসদ সকল, বিধায়কসকল, নিকায়-নিগম সমূহৰ অধ্যক্ষ-উপাধ্যক্ষসকল আৰু স্বায়ত্ত শাসিত পৰিষদ সমূহৰ মুখ্য কাৰ্যবাহী সদস্য -কাৰ্যবাহী সদস্য সকলে অংশগ্ৰহণ কৰিব ৷

উল্লেখ্য যে, যোৱা ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈকে অনুষ্ঠিত এই স্বাস্থ্যসেৱা উৎসৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ভাৰত চৰকাৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰমূখ্যে মন্ত্ৰীসকল, মাননীয় সাংসদ আৰু বিধায়কসকল, স্বায়ত্ত শাসিত পৰিষদ সমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকল,  মুখ্য সচিব সমন্বিতে ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়া, চিকিৎসা মহাবিদ্যালয় সমূহৰ অধ্যাপক চিকিৎসকসকলে বহিঃমূল্যায়ক হিচাপে ৰাজ্যৰ ১২৪৫ খন চৰকাৰী চিকিৎসানুস্থান মূল্যায়ন কৰে ৷ এই মূল্যায়নৰ জৰিয়তে আহৰণ কৰা তথ্য সমূহ আজিৰ এই  সমাৰোহখনত উপস্থাপন আৰু পৰ্যালোচনা কৰাৰ লগতে উন্নীতকৰণৰ সৰ্ন্দভত বিতংভাৱে আলোচনা কৰা হৈছে ৷ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা জিলা আৰু চিকিৎসালয় সমূহক বিয়লিৰ সামৰণি অনুষ্ঠানত  পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷ 

এই উদ্বোধনী অনুষ্ঠানত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব ড° পি অশোক বাবু, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ু্ক্ত সচিব ড° সিদ্ধাৰ্থ সিং, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালিকা ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব বৰ্ণালী শৰ্মা, এনএইচএম অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী,  লগতে বিভিন্ন জিলাৰ উপায়ুক্ত সকল, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য)সকল, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকসকল আৰু স্বাস্থ্য বিভাগৰ বিষয়া সকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক – ৩ জুলাই বিশ্বৰ আটাইতকৈ গৰম দিন হিচাপে অন্তভুক্ত হৈছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply