নিউজ ডেস্ক: বুধবাৰে গুৱাহাটী অসম অলিম্পিক কাৰ্যালয়ৰ নেহৰু ষ্টেডিয়ামত প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতুৰবিদ তথা বৰ্তমান চেনেল সাঁতুৰবিদ এলভিছ আলী হাজৰিকাই তেওঁৰ পৰৱৰ্তী ‘ইংলিছ চেনেল’ অভযানৰ ফ্লেগ অফ কৰে ।

হাজৰীকাই ‘ইংলিছ চেনেল’ৰ দুয়োটা দিশত সাঁতুৰাৰ বাবে প্ৰস্তুতি চলাইছে । তেওঁ ইংলেণ্ডৰ পৰা ফ্ৰান্সলৈ সাঁতুৰি গৈ পুনৰ ফ্ৰান্সৰ পৰা ইংলেণ্ডলৈ উভতি আহিব । অহা ২১-২২ জুলাই তাৰিখে সাঁতুৰবিদ গৰাকীয়ে ইংলিছ চেনেলত সাঁতোৰাৰ বাবে চেষ্টা কৰিব । তেওঁ ছেনেলটো ৭৮ কিলোমিটাৰ নিশা ১২ বজাৰ পৰা আৰম্ভ কৰি মুঠ ৩২ ঘন্টা সাঁতুৰি পাৰ কৰিব ।

অহা ৭ জুলাইত সাঁতুৰবিদ গৰাকীয়ে অভিযানৰ বাবে গুৱাহাটীৰ পৰা ৰাওনা হ’ব । উল্লেখ্য যে ইয়াৰ পূৰ্বে আন কেইবাগৰাকী সাঁতুৰবিদে ‘ইংলিছ চেনেল’ সাতুৰি পাৰ কৰিছে যদিও এলভিছ আলী হাজৰিকাই প্ৰথমজন সাঁতুৰবিদ যিয়ে পোনপ্ৰথম বাৰৰ বাবে ছেনেল টোত Double way ত সাঁতুৰিবলৈ চেষ্টা কৰিব।
ইয়াৰ পূৰ্বে এলভিছে ২০১৯ চনত মেক্সিকোৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ কাটালানা চেনেল আৰু ২০২২ চনত নৰ্ডাৰ্ণ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ নৰ্থ চেনেল “সফলতাৰে সাঁতুৰি পাৰ হ’বলৈ সক্ষম হৈছিল।
লগতে পঢ়ক: দিছপুৰত সহকাৰী প্ৰবক্তা, লাইব্ৰেৰিয়ান পদত নিযুক্তি প্ৰদান