দৰং : দৰং জিলাৰ বিভিন্ন অঞ্চলত চোৱাই ফ্লুৰ আতংক।জিলাখনৰ পুনিয়া কমাৰপাৰা আৰু গধীয়াপাৰা, পাথৰিঘাটত গাহৰিৰ শৰীৰত ধৰা পৰিছে চোৱাই ফ্লু। বানপানীৰ পিছতেই জিলাখনত গাহৰিৰ দেহত দেখা দিছে এই বিধ ৰোগে।
জিলাখনত গাহৰিৰ শৰীৰত চোৱাই ফ্লু ধৰা পৰাৰ পিছতে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। মঙ্গলদৈৰ নিকটৱৰ্তী কমাৰপাৰাত প্ৰশাসনে একে দিনাই ১৫০ টা গাহৰি হত্যা কৰি মাটিত পুতি থয়। বুধবাৰোও ছিপাঝাৰৰ বৰমপুৰত হত্যা কৰা হয় শতাধিক গাহৰি।
লগতে পঢ়ক – ডিগবৈত দেহ ব্যৱসায় চক্ৰ উৎখাত; ১১ জনক আটক
ইয়াৰ মাজতে মঙ্গলদৈৰ বাংলাগড় চকত মুকলি ভাৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলি আছে গাহৰি মাংসৰ ৰমৰমীয়া ব্যৱসায়। আনকি চোৱাই ফ্লু হোৱা ঠাইৰ গাহৰি কম মূল্যত আনি বিক্ৰী কৰাৰ অভিযোগো উত্থাপন হৈছে।