শ্বিলঙ : দেশৰ এগৰাকী প্ৰতিভাবান খেলুৱৈৰ মৃত্যু। শ্বিলঙত পথ দুর্ঘটনাত নিহত টেবল টেনিছ খেলুৱৈ। পথ দুর্ঘটনাত নিহত হোৱা টেবল টেনিছ খেলুৱৈ গৰাকীৰ নাম দীনদয়ালন বিশ্ব।
মেঘালয়ৰত এক ভয়ংকৰ পথ দুর্ঘটনাত প্ৰাণ হেৰুৱাইছে দেশৰ এগৰাকী প্ৰতিভাবান টেবল টেনিছ খেলুৱৈ দীনদয়ালন বিশ্বই। ১৮ বছৰীয়া টেবল টেনিছ খেলুৱৈ গৰাকী গুৱাহাটীৰ পৰা শ্বিলঙ অভিমুখে গৈ থকা অৱস্থাত এক পথ দুর্ঘটনাত নিহত হয়।
তামিলনাডুৰ টেবল টেনিছ খেলুৱৈ গৰাকী শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া ৮৩ সংখ্যক ছিনিয়ৰ নেশ্যনেল এণ্ড ইণ্টাৰ ষ্টেট টেবল টেনিছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ শ্বিলঙলৈ গৈ আছিল। দীনদয়ালন বিশ্বৰ বাহনখনক এখন ট্ৰাকে খুন্দা মৰাত খেলুৱৈ গৰাকী নিহত হয়।
লগতে পঢ়ক – গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে পথ
দুর্ঘটনাত দীনদয়ালন বিশ্বৰ বাহনখনৰ চালকজানো আহত হয়। আহত চালকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। পথ দুর্ঘটনাত এজন প্ৰতিভাবান খেলুৱৈৰ মৃত্যুৰ বাতিৰে দেশৰ ক্ৰীড়া জগতখনত শোকৰ ছাঁ পেলাইছে।