নিউজ ডেস্ক- প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ নহ’লে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব। এই কথা ঘোষণা কৰে মল্লযুঁজাৰু সাক্ষী মালিকে। সাক্ষী মালিকে ব্রীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ পাছতে এই মন্তব্য কৰে।

দিল্লী আৰক্ষীয়ে মল্লযুঁজাৰুসকলৰ অভিযোগৰ ওপৰত ভিত্তিত ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে আইপিচিৰ ৩৫৪, ৩৫৪ডি, ৩৪৫এ আৰু ৫০৬ (১) ধাৰাৰ অধীনত অভিযোগনামা দাখিল কৰে।

উল্লেখ্য যে, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে বিগত ৭ জুনত দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰিছিল। বৈঠকত তেওঁ আন্দোলনকাৰী মল্লযুঁজাৰুসকলক আশ্বাস দিছিল যে যৌন নিৰ্যাতনৰ গোচৰৰ অভিযোগনামা ১৫ জুনৰ ভিতৰত দাখিল কৰা হ’ব। ইয়াৰ পাছতে তাৰকা মল্লযুঁজাৰুসকলে তেওঁলোকৰ প্ৰতিবাদ স্থগিত ৰাখিছিল। সেই অনুসৰিয়ে কালি অভিযোগনামা দাখিল কৰে।

আনহাতে, মল্লযুঁজাৰুসকলৰ অধিবক্তাই অভিযোগনামাৰ প্ৰতিলিপি বিচাৰি আদালতত আবেদন জনাইছে। সাক্ষী মালিকৰ উল্লেখ কৰা মতে অভিযোগনামাখন লাভ কৰাৰ পাছত তেওঁলোকে পৰৱৰ্তী পদক্ষেপৰ বাবে সিদ্ধান্ত ল’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply