গোৱালপাৰা : গোৱালপাৰা আৰক্ষীৰ জালত এজন হত্যাকাৰী। ধনৰ বিনিমিয়ত তাপস ৰাভাক হত্যা কৰা হত্যাকাৰী গ্ৰেপ্তাৰ। সম্বন্ধীয় খুড়াকে তাপস ৰাভাক হত্যা কৰিবলৈ ১০ হাজাৰ টকা দিছিল মনোজ ৰাভা নামৰ হত্যাকাৰীজনক। আৰক্ষীয়ে হত্যাকাৰী মনোজ ৰাভাক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিছে হস্তনিৰ্মিত বন্দুক।

গোৱালপাৰা জিলাত পোহৰলৈ আহিছে এক চাঞ্চল্যক ঘটনা। প্ৰায় এবছৰ পূৰ্বে গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত হাতীগাঁৱৰ সুকুমাৰ ৰাভা নামৰ এজন লোকে নিজৰ ভতিজা লৰা তাপস ৰাভাক হত্যা কৰিবলৈ দহ হাজাৰ টকাৰ চুপাৰি দিছিল মনোজ ৰাভা নামৰ এজন যুৱকক। ২০২১ চনৰ ৩১ আগষ্ট তাৰিখে ৰাতিপুৱা ৪ বজাত নিজৰ ৰবৰ বাগানত ৰবৰ কাটি থাকোতে মনোজ ৰাভা সৈতে আন দুজন ব্যক্তিয়ে তাপস ৰাভাক গুলীয়াই হত্যা কৰিছিল।

লগতে পঢ়ক – ‘বোকা নৃত্য ছালৰ বাবে ভাল’: বকোৰ ছমৰীয়াত বোকা নৃত্যক লৈ জুবিন গাৰ্গৰ মন্তব্য

প্ৰায় এবছৰ পিছত এক গোপন সুত্ৰৰ পম খেদি আগিয়া আৰক্ষীয়ে তাপস ৰাভাৰ খুড়া সুকুমাৰ ৰাভাক আটক কৰে। আৰক্ষীৰ জেৰাত সুকুমাৰ ৰাভায়ে তাপস ৰাভাক হত্যা কৰিবলৈ মনোজ ৰাভা আৰু জগু ৰাভাক দহ হাজাৰ টকাৰ চুপাৰি দিয়াৰ কথা স্বীকাৰ কৰে। ইয়াৰ পিছতে যোৱা ১০ জুনৰ নিশা অসম-মেঘালয়ৰ সীমান্তৱৰ্তী মেঘাদামৰ পৰা হত্যাকাৰী মনোজ ৰাভাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। হত্যাকাৰী মনোজ ৰাভাই মেঘাদামৰ জংগলত লুকুৱাই ৰখা তাপস ৰাভাৰ হত্যাকাণ্ডত ব্যৱহৃত হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply