নিউজ ডেস্ক: প্ৰখ্যাত অভিনেতা-পৰিচালক তৌফিক ৰহমান আৰু অভিনেত্ৰী চেতনা দাসলৈ ২০২৩ ৰ প্ৰাগ চিনে এৱাৰ্ড । এই দুগৰাকী বিশিষ্ট শিল্পদ্বয়ক প্ৰদান কৰা হ’ব জীৱনযোৰা সাধনা বঁটা। অহা ২৭ মে’ত বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া ১৩ সংখ্যক প্ৰাগ চিনে এৱাৰ্ডত দুয়োগৰাকী শিল্পীকে এই বঁটা প্ৰদান কৰা হ’ব।

বুধবাৰে অনুষ্ঠিত এখন সংবাদমেলত এই কথা ঘোষণা কৰে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত স্বনামধন্য অভিনেত্ৰী মলয়া গোস্বামী আৰু ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক সঞ্জীৱ হাজৰিকাই। লগতে এই অনুষ্ঠানতে এইবাৰ প্ৰাগ চিনে এৱাৰ্ডচৰ বঁটাৰ আৰ্হি মুকলি কৰে অভিনেত্ৰী মলয়া গোস্বামী আৰু প্ৰাগ নিউজৰ চি এম ডি ড০ সঞ্জীৱ নাৰায়ণে।

২৭ মে’ত মেঘালয়ৰ ইউচটিএম ত অনুষ্ঠিত কৰা হ’ব এই অনুষ্ঠান। ১৩সংখ্যক প্রাগ চিনে এৱাৰ্ডৰ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী আদনান স্বামীয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply