সোণাৰি : চৰাইদেউত জিলাত গুণগত মানদণ্ডৰ কেঁচা চাহপাতৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কেজিত ২৭ টকা নিৰ্ধাৰণ। জিলাখনত সাম্প্ৰতিক কেঁচা চাহপাতৰ ক্ৰম হ্ৰাসমান মূল্যৰ বাবে ভুক্তভগী ক্ষুদ্ৰ চাহ খেতিয়ক সকলক সকাহ দিয়াৰ লক্ষ্যৰে বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত বট-লিফ ফেক্টৰিৰ পৰিচালকসকল, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিসকল আৰু শ্ৰম বিভাগৰ বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত উপায়ুক্ত গৰাকীয়ে উপস্থিত বট-লিফ ফেক্টৰিৰ পৰিচালকসকল আৰু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিসকলৰ সৈতে কেঁচা চাহপাতৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ সম্পৰ্কে বিতংভাৱে আলোচনা কৰে। জিলাখনৰ চাহ উদ্যোগৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি তথা ক্ৰেতা আৰু বিক্ৰেতা দুয়োপক্ষক লাভজনক স্থিতিত উপনীত হ’বলৈ তেওঁ কেঁচা চাহপাতৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণৰ পোষকতা কৰে।

লগতে পঢ়ক –  প্ৰাণ ৰক্ষাৰ বাবে নিৰাপদ স্থান বিচাৰি হাহাকাৰ জনসাধাৰণৰ

বিতং আলোচনাৰ অন্তত তথা সৰ্বসন্মতিক্ৰমে সভাত ৪০ ৰ পৰা ৪৪ শতাংশ গুণগত মানদণ্ডৰ কেঁচা চাহপাতৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কেজিত ২৭ টকা নিৰ্ধাৰণ কৰা হয়। উপায়ুক্ত বৰুৱাই এই নিৰ্ধাৰিত মূল্য পৰবৰ্তী আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলি ঘোষণা কৰে। এই সভাত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান আৰু সহকাৰী আয়ুক্ত সমুজ্বল বড়াৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply