মৰিয়নী : নাগিনীজান চাহ বাগিচাত শ্ৰমিক আৰু কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ। অসম চাহ নিগমৰ চাহ বাগিচা নিলামৰ বিৰুদ্ধে নাগিনীজান চাহ বাহিচাৰ শ্ৰমিক আৰু কৰ্মচাৰী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসম চাহ নিগমৰ ১২ খন বাহিচা নিলামত দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ।

অসম চাহ নিগমৰ ১৫ খন চাহ বাগিচাৰ ১২ খনে নিলামত দিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ পিছতে চাহ নিগমৰ প্ৰায় ১৬ হেজাৰ শ্ৰমিক আৰু কৰ্মচাৰীৰ মাজত একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।উল্লেখ যে, ১২ খন চাহ বাগিচাৰ ভিতৰত যোৰহাট জিলাৰ মৰিয়নী সমষ্টিত থকা নাগিনীজান আৰু চৈকতা চাহ বাগিচা দুখনো নিলামৰ বাবে অসম চৰকাৰে মাত্ৰ ৭ কোটি টকা মূল্য নিৰ্ধাৰণ কৰিছে। সদৌ আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত শ্ৰমিক আৰু কৰ্মচাৰীৰ ভবিষ্যতনিধিৰ ধনকে আদি কৰি অন্যান্য শিতানৰ অনাদায় প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়।

লগতে পঢ়ক –  আলফাৰ সমৰ্থনত ফেচবুক পোষ্ট দি আৰু এজন গ্ৰেপ্তাৰ

আনহাতে প্ৰতিবাদকাৰী শ্ৰমিক আৰু কৰ্মচাৰী সকলে চাহ নিগমৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শিৱ ভদ্ৰাৰ প্ৰতিকৃতি দাহ কৰে। অধ্যক্ষ গৰাকীয়ে চাহ নিগমৰ শ্ৰমিক সকলৰ কৰ্মসংস্কৃতি নাই বুলি মন্তব্য কৰিছিল। ইয়াৰ পিছতে শ্ৰমিকৰ মাজত ক্ষোভৰ সৃষ্টি হয়। প্ৰতিবাদকাৰী শ্ৰমিক সকলে বিজেপি চৰকাৰে বাগিচা সমুহ নিলামত দি শ্ৰমিক সকলক ভাতে মৰাৰ ব্যৱস্থা কৰাৰ অভিযোগ উত্থাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply