নিউজ ডেস্কঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে সাজু হৈছে টীম ইণ্ডিয়াৰ ক্ৰিকেট দল। অহা ৭ জুনৰ পৰা লণ্ডনৰ অ’ভেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত মুখামুখি হ’ব। ২৮ মে’ত সমাপ্ত পৰিব আইপিলৰ সকলো খেল। ইয়াৰ পিছতেই ভাৰতীয় ক্ৰিকেটৰ মুখ্য টেষ্ট দলটো খেলুৱৈ সহ সকলো সদস্য ইংণ্ডেললৈ ৰাওনা হ’ব।

পিছে ইয়াৰ পূৰ্বে আজি টীম ইণ্ডিয়াৰ পৰা ৭ জন খেলুৱৈ ইংলেণ্ডলৈ যাব। ইতিমধ্যেই আইপিএল যিকেইটা দলে কোলিফাৱাৰ কৰিবলৈ সক্ষম নহ’ল তেনে দলৰ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে বাচনি কৰা ইণ্ডিয়া ক্ৰিকেটাৰ সকলহে আজি যাব।

বিৰাট কোহলী, মহমম্দ ছিৰাজ, আৰ আশ্বিন, অক্ষৰ পেটেল, শাৰ্দুল ঠাকুৰ, উমেশ যাদৱ আৰু জয়দেৱ উনাদকটৰ লগতে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত প্ৰশিক্ষক সকলো যাব।

উল্লেখ্য যে, আই পি এলৰ অন্তিম খেলখনত বিৰাট কোহলী আঁঠুত আঘাত প্ৰাপ্ত হয়। কিন্তু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দৰে গুৰুত্বপূৰ্ণ ফাইনেল খেলখনৰ বাবে কোনো বিশ্ৰাম নোলোৱাকৈ ইংলেণ্ডলৈ যাবলৈ সাজু হৈছে বিৰাট।

লগতে পঢ়ক – বিশ্ব ৰেংৰিঙৰ শীৰ্ষত নীৰজ চোপ্ৰা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply