আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩ ফাইনেলৰ বাবে নিৰ্বাচিত হ’ল ভাৰতৰ দল।
সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে ভাৰতীয় দলৰ খেলুৱৈসকল বাছনি কৰিছে।
ডব্লিউটিচি ফাইনেলৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে-
ৰোহিত শৰ্মা(অধিনায়ক), শুভমান গিল, চেতেশ্বৰ পুজাৰা, বিৰাট কোহলী, আজিংক্য ৰাহানে, কে এল ৰাহুল, কে এছ ভাৰত, ৰবিচন্দ্ৰন অশ্বীন, ৰবীন্দ্ৰ জাদেজা, অক্সাৰ পেটেল, শাৰ্দুল ঠাকুৰ, মহম্মদ শ্বামী, মহম্মদ চিৰাজ, উমেশ যাদৱ, জয়দেৱ উনাদকট।
উল্লেখ্য যে অহা ৭ জুনৰ পৰা ১১ জুনলৈ (১২ জুন সংৰক্ষিত দিন) লণ্ডনৰ দ্য অভেলত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেল অনুষ্ঠিত হ’ব।