নিউজ ডেস্ক: ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত কাম কৰা বাণিজ্য, উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে (DPIIT) তেজপুৰ বিশ্ববিদ্যালয়ত বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থা (WIPO) সমৰ্থিত প্ৰযুক্তি উদ্ভাৱন আৰু সহায়ক কেন্দ্ৰ (TISC) স্থাপনৰ বাবে অনুমোদন প্ৰদান কৰিছে।
দেশৰ খুব কম সংখ্যক প্ৰতিষ্ঠানে এই বিশেষ সন্মান লাভ কৰিছে যি ভাৰত চৰকাৰৰ উদ্যোগ সম্প্ৰসাৰণ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগৰ অধীনত থকা Cell for IPR Promotion and Management (CIPAM) ৰ লগত ওতপ্ৰোত ভাৱে জড়িত হৈ বৌদ্ধিক সম্পত্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰখনত বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰিব। উল্লেখযোগ্য যে, CIPAM য়ে ভাৰতবৰ্ষত প্ৰতিষ্ঠিত প্ৰযুক্তি উদ্ভাৱন আৰু সহায়ক কেন্দ্ৰ (TISC) বোৰৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে কাম কৰি আহিছে।
বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থা (WIPO), ছুইজাৰলেণ্ড য়ে ইয়াৰ প্ৰযুক্তি আৰু উদ্ভাৱন সহায়ক কেন্দ্ৰ (TISC) ৰ কাৰ্য্যসূচীৰ জৰিয়তে উন্নয়নশীল দেশসমূহৰ উদ্ভাৱকসকলক উচ্চমানৰ প্ৰযুক্তি তথ্য আৰু আনুষংগিক সেৱাসমূহৰ সুবিধা প্ৰদান কৰে। ইয়াৰ উপৰিও TISC ৰ কাৰ্য্যসূচী সমূহে উদ্ভাৱক সকলক উদ্ভাৱনী সম্ভাৱনাক প্ৰকৃত ৰূপত ব্যৱহাৰ কৰাত আৰু তেওঁলোকৰ বৌদ্ধিক সম্পত্তি অধিকাৰৰ বিষয়ে আৰু এই অধিকাৰ পৰিচালনা আৰু সুৰক্ষা কৰাৰ সমল সমূহৰ বিষয়ত সহায় কৰে।
বৰ্তমান সময়ত বিশ্বজুৰি পাঁচ শতাধিকৰ অধিক প্ৰযুক্তি আৰু উদ্ভাৱন সহায়ক কেন্দ্ৰই (TISC) বৌদ্ধিক সম্পত্তিৰ সুৰক্ষাৰ ওপৰত কাম কৰি আহিছে। এই পৰিপ্ৰেক্ষিতত তেজপুৰ বিদ্যালয়ত হ’ব লগীয়া এই কেন্দ্ৰটোৰ স্থাপনে বিশ্ববিদ্যালয়খনক বৌদ্ধিক সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বমানৰ পদক্ষেপ লোৱাত সহায় কৰিব বুলি আশা কৰিব পাৰি। নিশ্চিতভাৱে তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপিত হ’বলগীয়া TISC কেন্দ্ৰটোৱে জ্ঞান বিনিময়, বিশ্বৰ বিভিন্ন প্ৰান্তত স্থাপিত TISC ৰ লগত উত্তম পদ্ধতিৰ ভাগ-বতৰা, উদ্ভাৱক সকলৰ সামৰ্থ্য বিকাশ, বৌদ্ধিক সম্পত্তিৰ উদ্ভাৱন আৰু বাণিজ্যিকীকৰণ ক্ষেত্ৰতো এক গতি প্ৰদান কৰিব।
তেজপুৰ বিশ্ববিদ্যালয় উত্তৰ-পূৱ ভাৰতৰ এটা প্ৰধান কেন্দ্ৰ যি বিগত দশক ধৰি বৌদ্ধিক সম্পত্তি সুৰক্ষা কোষৰ জৰিয়তে বৌদ্ধিক সম্পত্তি সুৰক্ষা আৰু প্ৰসাৰৰ ক্ষেত্ৰখনত অহৰহ কাম কৰি আহিছে। বিশ্ববিদ্যালয়ৰ সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত কাম-কাজৰ উপৰিও তেজপুৰ বিশ্ববিদ্যালয়ৰ বৌদ্ধিক সম্পত্তি কোষটোৱে (IPR Cell) স্নাতক, স্নাতকোত্তৰ আৰু গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবে বৌদ্ধিক সম্পত্তিৰ বিষয়ত পাঠ্যক্ৰম আগবঢ়ায় আহিছে।
তেজপুৰ বিশ্ববিদ্যালয়ৰ বৌদ্ধিক সম্পত্তিৰ সুৰক্ষা কোষটোৱে বৌদ্ধিক সম্পত্তিৰ বিভিন্ন শেহতীয়া তথ্যৰে অঞ্চলটোৰ বৌদ্ধিক সম্পত্তিৰ উদ্ভাৱক সকলক উৎসাহিত কৰিবলৈ বিভিন্ন কাৰিকৰী অনুষ্ঠান, উদ্যোগ-শিক্ষা অনুষ্ঠান সমন্বয় সন্মিলনী, প্ৰদৰ্শনী আদিৰ দৰে কাম-কাজ নিয়মীয়াভাৱে ৰূপায়ন কৰি আহিছে। এই প্ৰযুক্তি আৰু উদ্ভাৱন সহায়ক কেন্দ্ৰৰ স্থাপন আৰু ইয়াৰ অধীনত উপলব্ধ সেৱাৰ দ্বাৰা বিশ্ববিদ্যালয়খন আৰু ইয়াৰ লগতে ওচৰৰ অঞ্চলবোৰৰ বৌদ্ধিক সম্পত্তিৰ ক্ষেত্ৰখনত যথেষ্ট সহায় হ’ব।
উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত থকা উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (DPIIT) টোৱে তেজপুৰ বিশ্ববিদ্যালয়ত বৌদ্ধিক সম্পত্তিৰ লগত জড়িত শিক্ষা আৰু গৱেষণাৰ সুবিধা প্ৰদানৰ দৃষ্টিভংগীয়ে ২০২০ বৰ্ষত বিশ্ববিদ্যালয়খনত সন্মানীয় DPIIT-IPR আসন প্ৰতিষ্ঠা কৰিছিল।
লগতে পঢ়ক – ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত আয়োজিত চাকৰি মেলাত ৩৫০০ৰো অধিক প্ৰাৰ্থীৰ অংশগ্ৰহণ