নিউজ ডেস্কঃ ম’বাইল Accessories নিৰ্মাণ কৰা কোম্পানী Anker এ নতুনকৈ মুকলি কৰিলে Anker 621 Magnetic Battery। এই পাৱাৰবেংকটোৰ চাৰ্জ ক্ষমতা 5,000mAh। এই পাৱাৰবেংকটো প্ৰধানকৈ আই ফোনৰ বাবে ডিজাইন কৰা হৈছে। ইয়াক MagSafe Device হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব অৰ্থাৎ, ই চাৰ্জ কৰাৰ সময়ত আইফোনটো আৰামেৰে ধৰি ৰাখিব পাৰিব । ৭.৫ ৱাট পৰ্যন্ত এই পাৱাৰ বেংকটোৱে Output দিব পাৰিব।

বৰ্তমান এমাজনৰ পৰা Anker 621 Magnetic Battery টো ক্ৰয় কৰিব পাৰিব। আমেৰিকাবাসীয়ে এমাজনৰ পৰা ৪৯.৯৯ ইউ এছ ডলাৰত (ভাৰতীয় মুদ্ৰাত প্ৰায় ৪০০০ টকা) ক্ৰয় কৰিব পাৰিব। লাহে লাহে, এই পাৱাৰ বেংকটো বিভিন্ন বজাৰতো উপলব্ধ হ’ব বুলি কোম্পানীটোৱে জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰত ইয়াৰ বাবে ডেলিভাৰী ছেপ্টেম্বৰত আৰম্ভ হ’ব। 

কোম্পানীটোৱে জনোৱা অনুসৰি Anker 621 Magnetic Battery পাৱাৰ বেংকটো IPhone13 আৰু IPhone12ৰ ক্ষেত্ৰত বেছি ভালদৰে কাম কৰিব। অৱশ্যে, দুয়োটা ডিভাইচ চাৰ্জ কৰোঁতে কিমান সময় লাগে সেই বিষয়ে একো উল্লেখ কৰা হোৱা নাই। এই পাৱাৰ বেংকটোৰ ওজন ১৪২ গ্ৰাম। ফোনটো চাৰ্জ কৰোঁতে ইয়াক সহজে পকেটত ৰাখিব পৰা যাব ইয়াৰ আকাৰো যথেষ্ট সৰু। ইয়াত ব্যৱহাৰ হৈছে 10N 2.2lb বহুত শক্তিশালী মেগনেট। চাৰ্জিঙৰ বাবে পাৱাৰ বেংকটোৰ লগত দিয়া হৈছে ৬০ছে.মি USB কেবল। কোম্পানীটোৱে এই পাৱাৰ বেংকটো দুবছৰ ৱাৰেন্টীও দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply