নিউজ ডেস্ক: ভাৰতে বিশ্ব বজাৰৰ বাবে পুনৰ ব্যৱহাৰযোগ্য নতুন ৰকেটৰ ডিজাইন আৰু নিৰ্মাণৰ পৰিকল্পনা কৰিছে, উক্ত ৰকেটে উপগ্ৰহ উৎক্ষেপণৰ ব্যয় বহু পৰিমাণে হ্ৰাস কৰিব।
সোমবাৰে এই কথা জানিবলৈ দি মহাকাশ বিভাগৰ সচিব তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ অধ্যক্ষ এছ সোমনাথে কয়, “আমি সকলোৱে আজিৰ তুলনাত উৎক্ষেপণ ব্যয় যথেষ্ট কম হোৱাটো বিচাৰো।”
সপ্তম ‘বেংগালুৰু স্পেচ এক্সপ’ ২০২২’ত সম্বোধন কৰি পিছত সাংবাদিকৰ আগত তেওঁ উল্লেখ কৰে যে বৰ্তমান এক কিলোগ্ৰাম পেলোড কক্ষপথত ৰাখিবলৈ প্ৰায় ১০,০০০ৰ পৰা ১৫,০০০ মাৰ্কিন ডলাৰৰ প্ৰয়োজন হয়।
“আমি ইয়াক প্ৰতি কিলোগ্ৰামত ৫ হাজাৰ ডলাৰ বা আনকি ১০০০ মাৰ্কিন ডলাৰলৈ হ্ৰাস কৰিব লাগিব। তাৰ একমাত্ৰ উপায় হ’ল ৰকেটখন পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা। আজি ভাৰতত আমাৰ হাতত এতিয়াও উৎক্ষেপণ বাহন (ৰকেট)ত পুনৰ ব্যৱহাৰযোগ্য প্ৰযুক্তি নাই,”-সোমানাথে কয়।
আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনীৰ উদ্বোধনী অধিবেশনত তেওঁ লগতে কয়, “গতিকে, GSLV Mk III ৰ পিছত আমি নিৰ্মাণ কৰিবলৈ লোৱা পৰৱৰ্তী ৰকেটটো পুনৰ ব্যৱহাৰযোগ্য ৰকেট হ’ব লাগে।”
যোৱা সপ্তাহত Inflatable Aerodynamic Decelerator (IAD) ৰ সৈতে প্ৰদৰ্শিত প্ৰযুক্তিকে ধৰি বিভিন্ন প্ৰযুক্তিৰ ওপৰত কাম কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই প্ৰযুক্তিসমূহৰ সংমিশ্ৰণেৰে ইছৰ’ই উদ্যোগ, ষ্টাৰ্টআপ আৰু ইয়াৰ বাণিজ্যিক শাখা নিউস্পেচ ইণ্ডিয়া লিমিটেড (NSIL)ৰ সৈতে অংশীদাৰিত্বৰে পুনৰ ব্যৱহাৰ কৰিব পৰা এক নতুন ৰকেট ডিজাইন আৰু নিৰ্মাণ কৰিব বিচাৰে।
লগতে পঢ়ক – ভাৰতত চলাব পাৰিব বিদেশী পঞ্জীয়নকৃত বাহন