নিউজ ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) আজি ৩৬ টা উপগ্ৰহৰ সৈতে ভাৰতৰ সৰ্ববৃহৎ উৎক্ষেপণ বাহন মাৰ্ক-৩ (এলভিএম৩) ৰকেট/ৱানৱেব ইণ্ডিয়া-২ মিছন সফলতাৰে উৎক্ষেপণ কৰে।
অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো উৎক্ষেপণ পেডৰ পৰা আজি ভাৰতীয় সময় মতে পুৱা ৯ বজাত অভিযানৰ শুভাৰম্ভ কৰা হয়।

৪৩.৫ মিটাৰ ওখ ৰকেটটোৰ ওজন ৫,৮০৫ কিলোগ্ৰাম। অভিযানটোত ৩৬ টা প্ৰথম প্ৰজন্মৰ উপগ্ৰহ আছে। আটাই কেইটা উপগ্ৰহ প্ৰায় ৮৭.৪ ডিগ্ৰী প্ৰৱণতাৰ সৈতে পৃথিৱী পৃষ্ঠৰ পৰা ৪৫০ কিলোমিটাৰ দূৰত্ব বৃত্তাকাৰ কক্ষপথত স্থাপন কৰা হয়।
ইছৰোৰ এলভিএম৩ ৰকেট টোৱে আজি ৱানৱেব গ্ৰুপৰ ৩৬ টা উপগ্ৰহ পৃথিৱীৰ নিম্ন কক্ষপথ (Low Earth Orbit/LEO) ত স্থাপন কৰে।

ভাৰত চৰকাৰে ইছৰোৰ বাণিজ্যিক শাখা হিচাপে এনএছআইএল (New Space India Limited) গঠন কৰিছিল। NSIL য়ে ৱানৱেবৰ সৈতে চুক্তি বদ্ধ হৈছিল যে ৭২ টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিব।
যোৱা বছৰ অক্টোবৰত শ্ৰীহৰিকোটাৰ পৰা ৩৬ টা ৱানৱেব উপগ্ৰহৰ এটা গোট উৎক্ষেপণ কৰা হৈছিল। আৰু আজি দ্বিতীয়েটো উৎক্ষেপণ সফলতাৰে কৰা হয়।

উল্লেখযোগ্য যে, ৱানৱেব হৈছে মহাকাশৰ পৰা চালিত এক বিশ্বব্যাপী যোগাযোগ নেটৱৰ্ক, যি চৰকাৰ আৰু ব্যৱসায়ৰ বাবে সংযোগ সক্ষম কৰে।
লগতে পঢ়ক – জল জীৱন মিচনৰ ঠিকাদাৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা বৈঠক