নিউজ ডেস্ক- ভাৰতীয় ব্যৱহাৰকাৰীৰ বাবে ন’কিয়া কোম্পানীয়ে নতুন স্মার্টফোন Nokia C22 মুকলি কৰিছে। ন’কিয়া কোম্পানীয়ে AI কেমেৰা আৰু তিনিদিনীয়া বেটাৰী লাইফ ফিচাৰৰ সৈতে এই নতুন ডিভাইচ প্ৰৱৰ্তন কৰিছে।
Nokia C22ৰ মূল্য-
ন’কিয়া কোম্পানীটোৱে দুটা ভেৰিয়েণ্টত Nokia C22 মুকলি কৰিছে। 2GB + 64GB ষ্ট’ৰেজৰ সৈতে বেছ ভেৰিয়েণ্টটো ৭,৯৯৯ টকাত লাভ কৰিব। ইফালে 4GB+64GB ষ্ট’ৰেজ ভেৰিয়েন্টটো ৮,৪৯৯ টকাত মুকলি কৰিছে। কোম্পানীটোৱে এই নতুন ডিভাইচটো কলা, বেঙুনীয়া আৰু মটিয়া ৰঙৰ বিকল্পত মুকলি কৰিছে।
Nokia C22ৰ বিশেষত্ব-
Nokia C22 ৰ বিশেষত্ব আৰু সুবিধাসমূহৰ কথা ক’বলৈ গ’লে এই ডিভাইচটোক ৬.৫ ইঞ্চিৰ এলচিডি ডিছপ্লেৰ সৈতে প্ৰস্তুত কৰিছে। কোম্পানীটোৱে অক্টা কোৰ ইউনিছক SC9863A SOC প্ৰচেছৰৰ সৈতে এই ফোনটো প্ৰৱৰ্তন কৰিছে। Nokia C22 Android 13 Go Edition ত চলিব।
Nokia C22ৰ কেমেৰা আৰু বেটাৰী-
১৩ আৰু ২ মেগাপিক্সেলৰ চেন্সৰৰ সৈতে ডুৱেল ৰিয়াৰ কেমেৰা ইউনিটৰ সৈতে Nokia C22 প্ৰস্তুত কৰা হৈছে। এই ডিভাইচটোত এল ই ডি টৰ্চৰ সুবিধাও আছে। ফ্রন্ট কেমেৰাৰ কথা ক’বলৈ গ’লে ডিভাইচটোত আছে ৮ মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা। ন’কিয়া কোম্পানীটোৱে এই ডিভাইচটো ১০W চার্জিং চাপৰ্ট বেটাৰীৰ সৈতে প্ৰৱৰ্তন কৰিছে । নিৰাপত্তাৰ বাবে ফিংগাৰপ্ৰিণ্ট চেন্সৰৰ সুবিধাও ডিভাইচটোত উপলব্ধ। ব্যৱহাৰকাৰীসকলে ফোনটোত আনলক ফিচাৰো লাভ কৰিব।