নিউজ ডেস্কঃ স্মাৰ্টফোন আৰু টেলিকমৰ সঁজুলি নিৰ্মাতা NOKIA য়ে প্ৰায় 60 বছৰৰ পিছত নিজৰ ল’গ’ সলনি কৰিলে। বাৰ্চিলোনাত বাৰ্ষিক ম’বাইল ৱৰ্ল্ড কংগ্ৰেছৰ পূৰ্বে দেওবাৰে মুখ্য কাৰ্যবাহী বিষয়া পেক্কা লুণ্ডমাৰ্কে নতুন লোগোটো মুকলি কৰে। লগতে, প্ৰতিষ্ঠানটোৱে ইয়াৰ ব্ৰেণ্ড পৰিচয় সলনি কৰা আৰু বিকাশৰ ওপৰত আক্ৰমণাত্মকভাৱে মনোনিৱেশ কৰাৰ পৰিকল্পনাও ঘোষণা কৰে।
নতুন ল’গ’টোত নকিয়া শব্দটো গঠন কৰা পাঁচটা পৃথক আকৃতি আছে। ইয়াৰ উপৰিও, কোম্পানীটোৱে আইকনিক নীলা ৰং টো বাদ দিছে আৰু এতিয়া ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ৰং আছে। মুখ্য কাৰ্যবাহী পেক্কা লুণ্ডমাৰ্কৰ মতে, ল’গ’ আৰু ব্ৰেণ্ড পৰিচয়ৰ পৰিৱৰ্তনে নকিয়াৰ স্মাৰ্টফোন কোম্পানীৰ পৰা ব্যৱসায়িক প্ৰযুক্তি কোম্পানীলৈ পৰিৱৰ্তন প্ৰতিফলিত কৰে বুলি জনাই।
লুণ্ডমাৰ্কে ৰয়টাৰ্ছক (REUTERS) দিয়া এক সাক্ষাৎকাৰত কয় যে, “স্মাৰ্টফোনৰ সৈতে সম্পৰ্ক আছিল, আৰু আজিকালি আমি এটা ব্যৱসায়িক প্ৰযুক্তি প্ৰতিষ্ঠান,”
উল্লেখযোগ্য যে, নকিয়াই ইয়াৰ বিভিন্ন ব্যৱসায়ৰ বিকাশৰ পথ পৰ্যালোচনা কৰাৰ আৰু বিভাজনকে ধৰি বিকল্পবোৰ বিবেচনা কৰাৰ পৰিকল্পনা কৰিছে। কোম্পানীটোৰ ব্ৰেণ্ড পৰিচয় পৰিৱৰ্তনৰ উদ্দেশ্য হৈছে ব্যৱসায়িক প্ৰযুক্তি বিকাশৰ নতুন গুৰুত্ব প্ৰতিফলিত কৰা।