নিউজ ডেস্কঃ টুইটাৰৰ ব্লু টিকৰ বাবে এতিয়া পৰা দিব লাগিব মূল্য। ইলন মাস্কে টুইটাৰৰ মালিকীস্বত্ব গ্ৰহণ কৰাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। যিসকল টুইটাৰ ব্যৱহাৰকাৰীৰ ব্লু টিক হিচাপে চিহ্নিত সেইসকলে ১ এপ্ৰিলৰ পৰা দিব লাগিব মাহিলী ৬৫০ টকাকৈ।

টুইটাৰে জনোৱা অনুসৰি, এই ছাবক্রিপচন সেৱাৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে ১০৮০ পিক্সেল ৰিজ’লুচনৰ ভিডিঅ’ আপলোডৰ সুবিধা লাভৰ লগতে টুইট এডিট, ৰিজাৰ ম’ড আদিৰ দৰে সুবিধাও লাভ কৰিব।

লগতে, এই সেৱাৰ ব্যৱহাৰকাৰীসকলে ৫০ শতাংশ কম বিজ্ঞাপন দেখা পাব।

আনহাতে, বিভিন্ন প্ৰতিষ্ঠানৰ বাবে টুইটাৰে ইতিমধ্যে নিৰ্মাণ কৰিছে গ’ল্ডেন টিক। এই সেৱা লাভৰ বাবে ব্যৱহাৰকাৰী প্রতিষ্ঠানসমূহে প্রতি মাহে ভাৰতীয় মূল্যত আদায় দিব লাগিব প্ৰায় ৮২ হেজাৰ টকা।

উল্লেখযোগ্য যে, এনে প্ৰতিষ্ঠানে তেওঁলোকৰ নামৰ সৈতে জড়িত অতিৰিক্ত টুইটাৰ একাউণ্টৰ বাবে প্ৰতিমাহে ৪,০০০ টকা সুকীয়াকৈ আদায় দিব লাগিব ।

লগতে পঢ়ক – ৰেকৰ্ড অব্যাহত নাথাকিল, কাজিৰঙাত বছৰটোৰ প্ৰথমটো গঁড় হত্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply