নিউজ ডেস্ক: ক্ৰমাৎ বৃদ্ধি পাইছে যৌন নিৰ্যাতনৰ ঘটনা। মাৰ্ঘেৰিটাৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই আন এক ধৰ্ষণ কাণ্ডই জোঁকাৰি গৈছে ৰাজ্য। এইবাৰ প্ৰেমিকৰ যৌন নিৰ্যাতনৰ বলি হ’ ল এগৰাকী কিশোৰী।

শনিবাৰে নিশা মহানগৰীৰ ফটাশিল আমবাৰীত এগৰাকী কিশোৰীক তেওঁৰ প্ৰেমিক আৰু প্ৰেমিকৰ এগৰাকী বন্ধুৱে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, কিশোৰীগৰাকীৰ প্ৰেমিকজনে প্ৰথমে কিশোৰীগৰাকীক ফোন কৰি নিজৰ ঘৰলৈ মাতি নিয়ে আৰু পিছত বন্ধুগৰাকীকো ঘৰলৈ মাতে। তাৰ পাছতে দুয়ো কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলায় বুলি অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে কিশোৰীগৰাকীৰ বক্তব্যৰ ভিত্তিত দুযই অভিযুক্ত কিশোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত ফটাশিল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply