নিউজ ডেস্ক: গুৱাহাটীৰ ভঙাগড় থানাৰ অন্তৰ্গত এবিচিৰ এটা ব্যক্তিগত হোষ্টেলৰ বাথৰুমৰ ভিতৰত সোমবাৰে এগৰাকী ১৯ বছৰীয়া ছোৱালীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

কোকৰাঝাৰ জিলাৰ বাসিন্দা তাজমিনা আহমেদ নামৰ কিশোৰীগৰাকীক সোমবাৰে লগ কৰিবলৈ অহা মাতৃয়ে হোষ্টেলৰ বাথৰুমৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে।

প্ৰায় দুমাহমান আগতে NEET কোচিঙৰ বাবে গুৱাহাটীলৈ অহা কিশোৰীগৰাকীয়ে তেতিয়াৰ পৰাই ব্যক্তিগত হোষ্টেলটোত বাস কৰিছিল।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি প্ৰাথমিক তথ্যৰ ভিত্তিত এক অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত থকাৰ কথা ব্যক্ত কৰে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply