গুৱাহাটী : মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কৃষ্ণনগৰত ভাড়াতীয়াই ঘপিয়ালে ঘৰৰ মালিকক। আহত ঘৰৰ মালিকজনৰ অৱস্থা সংকটজনক।
মহানগৰী গুৱাহাটীৰ কৃষ্ণনগৰত সত্যব্ৰত বৰুৱা নামত এজন লোকক তেওঁৰ ঘৰত ভাড়া থকা এজন লোকে খেপিয়াই আহত কৰে। আক্ৰমণকাৰী ভাড়াতীয়াজনৰ নাম ধৰণী ডেকা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – গোলাঘাট জিলাৰ আঠখেলীয়াত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা
আহত সত্যব্ৰত বৰুৱাক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ধৰণী ডেকাৰ পত্নীৰ লগত সত্যব্ৰত বৰুৱাৰ পৰকীয়া প্ৰেম থকাৰ বাবেই এই ঘটনা সংঘটিত হৈছে। ধৰণী ডেকাই দিছপুৰ থানাত আত্মসমৰ্পণ কৰিছে।