যোৰহাট : যোৰহাটত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা। যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শেষ নিশা মহাবিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি।

নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনাত আহত হৈছে কেইবাজনো। প্ৰায় এশজনীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থকৰ প্ৰহাৰত গুৰুত্বৰভাৱে ছাত্ৰাবাসৰ কেইবাজানো নিবাসী আহত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক –  যোৰহাটৰ ভোগদৈ দলঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুলী

নিশা ৩ মান বজাত ২৫-৩০ জনীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যই পোষ্টাৰিং কৰিবলৈ অহা ছাত্ৰক ৰড, বেট, জাঠি লৈ পহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে নিৰ্দলীয় প্ৰাৰ্থীৰ ছাত্ৰই।কেইবাজনো ছাত্ৰ আৰু ছাত্ৰী আঘাতপ্ৰাপ্ত আৰু ছাত্ৰীক ৰাতি মানসিকভাৱে অপদস্ত কৰাৰো অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যৰ বিৰুদ্ধে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply