নিউজ ডেস্ক- আজি গোলাঘাট জিলাৰ নামবৰত এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়। এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, যাত্ৰীবাহী বাছখনৰ সৈতে দ্ৰুতবেগী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। এই ঘটনাত প্ৰায় ১৫ জন যাত্ৰী আঘাতপ্ৰাপ্ত হয়।
তথ্য অনুসৰি, এই দুৰ্ঘটনাত ৩গৰাকী লোক থিতাতে নিহত হয় আৰু বহুকেইজন লোক আহত হয়। লগে লগে আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকক উদ্ধাৰ কৰে।
ইতিমধ্যে আৰক্ষীয়ে আহত ব্যক্তিসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰাই।