নিউজ ডেস্ক: পুনৰ জম্মু-কাশ্মীৰ আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীয়ে। এইবাৰ প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীয়ে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে তিনিগৰাকী প্ৰব্ৰজিত শ্ৰমিক।

১৩ জুলাইৰ নিশা দক্ষিণ কাশ্মীৰৰ শ্ব’পিয়ানত সংঘটিত হৈছে এই সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত গুৰুতৰভাৱে আহত শ্ৰমিককেইগৰাকী আনমোল কুমাৰ, হেৰালাল যাদৱ আৰু পিণ্টু কুমাৰ ঠাকুৰ বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে আহত শ্ৰমিকসকলক শ্ৰীনগৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

উক্ত ঘটনা সন্দৰ্ভত কাশ্মীৰ আৰক্ষীয়ে এক টুইটযোগে কয়, “শ্ব’পিয়ানত সন্ত্ৰাসবাদীয়ে তিনিগৰাকী বহিৰাগত শ্ৰমিকৰ ওপৰত গুলীচালনা কৰে। আহত ব্যক্তিসকল হৈছে আনমোল কুমাৰ, পিণ্টু কুমাৰ ঠাকুৰ আৰু হেৰালাল যাদৱ”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply