অসম চৰকাৰে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ক জনায় যে স্নাতক আৰু স্নাতকোত্তৰ প্ৰাৰ্থীসকলৰ বাবে শিক্ষক যোগ্যতা পৰীক্ষাৰ প্ৰয়োজন নাই।

ৰাজ্যত বৰ্তমান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া অব্যাহত আছে। এই নিযুক্তিৰ বাবে ৰাজ্যত পৰ্যাপ্ত সংখ্যাক টেট উত্তীৰ্ণ প্ৰাৰ্থী নাই।

আনহাতে, টেট পৰীক্ষা অবিহনে শিক্ষক নিযুক্তিৰ বিৰোধিতা কৰা এখন লেখ আৱেদনৰ উত্তৰ দি ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ক এখন শপতনামাযোগে জনায় যে স্নাতক আৰু স্নাতকোত্তৰ প্ৰাৰ্থীসকলৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰে।

তথ্য অনুসৰি, গৌহাটি উচ্চ ন্যায়ালয়ত কাশ্মীৰী দাস আৰু আন ১০০ জন প্ৰাৰ্থীয়ে টেট পৰীক্ষা অবিহনে নিযুক্তিৰ বিৰোধিতা কৰি এখন লেখ আবেদন দাখিল কৰিছিল। আৱেদনখনত, তেওঁলোকে উল্লেখ কৰিছিল যে ৭০০০ শিক্ষকৰ বিজ্ঞাপনৰ বিপৰীতে ৰাজ্যত ৩০০০ টেট প্ৰাৰ্থী আছে।

আনহাতে, আৱেদনখনৰ শুনানিৰ সময়ত, গুৱাহাটী উচ্চ ন্যায়লয়ে চৰকাৰক এখন শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আৰু এই শপতনামাত ৰাজ্য চৰকাৰে উল্লেখ কৰে যে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply