নিউজ ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাহেকীয়া ৰেডিঅ’ কাৰ্যসূচী ‘মন কী বাতে’ আজি ইয়াৰ শততম খণ্ড সম্পূৰ্ণ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজভৱনত কাৰ্যসূচীটোৰ লাইভ স্ক্ৰীণিঙৰ আয়োজন কৰিছিল। এই পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ ৰাজভৱনতো “মন কী বাত”ৰ শততম খণ্ডটো প্ৰদৰ্শন কৰা হয়। ৰাজভৱনৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ মিডিয়া ইউনিটসমূহে জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠানটোৰ বিশেষ স্ক্ৰীণিঙৰ আয়োজন কৰে।
অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়াই মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয় যে “মন কী বাত” কাৰ্যসূচী হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ জনসাধাৰণৰ মাজৰ এখন সাঁকোৰ দৰে। ই নতুন ভাৰতৰ বাবে জনসাধাৰণৰ মনোভাৱক নতুন ৰূপ দিয়াত এক ভূমিকা পালন কৰিছে আৰু ই জনসাধাৰণৰ লগতে সমাজৰ আচৰণগত পৰিৱৰ্তনো প্ৰতিফলিত কৰে।
লগতে তেওঁ কয় যি সময়ত ভিজুৱেল মিডিয়াই গণ যোগাযোগত আধিপত্য বিস্তাৰ কৰিছে, সেই সময়ত ‘মন কী বাত’ কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ৰেডিঅ’ৰ ইতিহাসত অন্যতম জনপ্ৰিয় কাৰ্যসূচী হৈ পৰিছে। দেশৰ যুৱপ্ৰজন্মৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এক অনন্য সম্পৰ্ক আছে আৰু ‘মন কী বাত’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে যুৱচামক অধ্যয়ন, ইতিহাসৰ জ্ঞান, উচ্চাকাংক্ষী হোৱা, চিন্তাধাৰা ভাগ-বতৰা কৰা তথা দেশৰ গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ দৰে কল্যাণমূলক অভ্যাস গঢ়ি তুলিবলৈ উৎসাহিত কৰিছে।
ভাষণ প্ৰসংগত কাটাৰিয়াই কয় যে ‘মন কী বাত’ কাৰ্যসূচীয়ে সমগ্ৰ দেশৰ সম্প্ৰদায়সমূহক অন্তৰ্ভুক্ত কৰি সামাজিক আন্দোলনক অনুপ্ৰেৰিত কৰাৰ জৰিয়তে গণ আন্দোলনৰ এক কাৰ্যকৰী উপাদান হিচাপে আত্মপ্ৰকাশ কৰিছে। কাৰ্যসূচীটোত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সামাজিক বাৰ্তা কেইঘণ্টামানৰ ভিতৰতে সামাজিক মাধ্যমত জনপ্ৰিয় হৈ পৰে আৰু কেইসপ্তাহমানৰ ভিতৰতে ই এক গণ আন্দোলনলৈও পৰিৱৰ্তিত হৈ পৰে।