নিউজ ডেস্ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২২-২৩ পৰ্যটন বৰ্ষ অন্ত পৰিছে। সদ্যসমাপ্ত পর্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে ৩ লাখ ৬ হাজাৰ ৮৭০গৰাকী ভাৰতীয় আৰু ১০ হাজাৰ ৭৬৮গৰাকী বিদেশী পর্যটকে। পর্যটন বৰ্ষটোত সংগ্রহ হোৱা ৰাজহৰ পৰিমাণ ৭ কোটি ৫৪ লাখ ১৫ হাজাৰ ২৯৯ টকা। তুলনামূলকভাৱে ২০২১-২২ পর্যটন বর্ষত চলিত পর্যটন বৰ্ষত কাজিৰঙাত অভিলেখসংখ্যক ৩.১৭ লাখ পৰ্যটকৰ সংখ্যা আছিল ২ লাখ ৪৮ হাজাৰ ৩৮৯গৰাকী আৰু ৰাজহ সংগ্ৰহ হৈছিল ৫ কোটি ৩৬ লাখ ৩৫ হাজাৰ ৬৯০ টকা।

এখন সংবাদ মেলযোগে এই তথ্য সদৰী কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্র শর্মাই। লগতে সঞ্চালক শর্মাই মন্তব্য কৰে যে বিগত পর্যটন বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা প্রায় ৯ হাজাৰ বৃদ্ধি হৈছে । কেৱল চৰকাৰৰ ৰাজহ সংগ্ৰহতেই কাজিৰঙাৰ পৰ্যটন সীমাবদ্ধ নহয়। কিয়নো পর্যটন ক্ষেত্ৰখনত জড়িত পৰিবহণ, ৰিজ’ৰ্ট-হোটেল আদি আনুষংগিক সকলো দিশতে লাভান্বিত হৈছে কাজিৰঙাৰ ২০২২-২৩ পর্যটন বর্ষ।

বিগত বৰ্ষৰ ২৬ ছেপ্টেম্বৰত আৰম্ভ হোৱা কাজিৰঙা ২০২২-২৩ পর্যটন বৰ্ষত ৰাষ্ট্ৰপতিকে ধৰি বহুসংখ্যক গণ্য-মান্য লোকে কাজিৰঙা দৰ্শন কৰাটো কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰে সঞ্চালকগৰাকীয়ে ।লগতে তেওঁ উল্লেখ কৰে -সদগুৰুৱে মুকলি কৰা এই পর্যটন বৰ্ষত পণ্ডিত ৰবিশংকৰ, ন্যায়াধীশৰ দল, G-২০ৰ দল, দেশৰ মাননীয় ৰাষ্ট্ৰপতিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে কাজিৰঙা দর্শন কৰে। যাৰ প্ৰভাৱত কাজিৰঙাৰ পৰ্যটনৰ প্ৰচাৰ বৃদ্ধি পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply