অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। অহা ২৩ এপ্ৰিলত ৰাম জন্মভূমিত এক বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান মণিৰাম দাস চাউনী প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে।
সেইদিনটোতে ভগৱান শ্ৰী ৰামৰ ঐতিহাসিক জলাভিষেক অনুষ্ঠান অনুস্থিত হ’ব। বৈদিক ব্ৰাহ্মণসকলৰ সান্নিধ্যত এই পূজাৰ আয়োজন কৰা হ’ব, য’ত দেশৰ বহু মহান ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।
এই বিশেষ অনুষ্ঠানত ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লগতে যোগগুৰু স্বামী ৰামদেৱ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ এই অনুষ্ঠানত উপস্থিত থাকিব। বিশ্বৰ ২০ খনতকৈও অধিক দেশৰ লগতে ভাৰতীয় নেতাসকলো উপস্থিত থাকিব এই অনুষ্ঠানত।
ভগৱান শ্ৰী ৰাম মন্দিৰৰ ঐতিহাসিক জলাভিষেকৰ বাবে বিশ্বৰ ১৫৫খন দেশৰ পৰা পানী অনা হৈছে। চুবুৰীয়া দেশ পাকিস্তানৰ অন্যতম পবিত্ৰ ৰবি নদীৰ পানী ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।দুয়োখন দেশৰ মাজত চলি থকা বিবাদৰ বাবে এই পানী ডুবাই হৈ দিল্লীলৈ অনা হৈছে। আৰু এতিয়া এই পানী ইতিমধ্যে অযোধ্যালৈ অনা হ’ব ।

দিল্লী ষ্টাডি গ্ৰুপৰ সভাপতি তথা দিল্লীৰ প্ৰাক্তন বিধায়ক ড০ বিজয় জলীয়ে কয় যে ২০২০ বৰ্ষৰ আগষ্ট মাহতে আমি প্ৰতিজ্ঞা কৰিছিলোঁ যে আমি ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ নদী আৰু সাগৰৰ পানী সংগ্ৰহ কৰিম। এই ক্ষেত্ৰত হিন্দুসকলকে ধৰি মুছলমান,শিখ আদি সকলো ধৰ্মাৱলম্বীলোকে সহাৰি জনাইছে।
ইয়াৰ উপৰিও ৰাছিয়া আৰু ইউক্ৰেইনৰ পৰাও পানী অনা হৈছে, দুয়োখন দেশৰ যুদ্ধৰ বাবে এই কামটো কঠিন হৈ পৰিছিল যদিও দুয়োখন দেশেই ভগৱান শ্ৰীৰামৰ জন্মস্থানৰ জলাভিষেকৰ বাবে সহায় কৰিছে আৰু দুয়োখন দেশৰ পৰা পানী অনা হৈছে।
এইবোৰৰ উপৰিও চুৰিনাম, চীন, ইউক্ৰেইন, ৰাছিয়া, কাজাখস্তান, কানাডা, তিব্বতকে ধৰি আন বহু দেশৰ নদীৰ পানীও ভগৱান শ্ৰীৰামৰ জলাভিষেকৰ বাবে অনা হৈছে।
জলাভিষেকৰ বাবে প্ৰতিখন দেশৰ পৰা অনা পানী ইতিমধ্যে ছীল কৰি তামৰ পাত্ৰত পেক কৰা হৈছে যি হৰিদ্বাৰৰ হৰকি পৌৰীত ৰখা হৈছে।