নিউজ ডেস্ক: গুৱাহাটীত সংঘটিত হোৱা ডাবল মাৰ্ডাৰৰ ঘটনাই সমগ্ৰ ৰাজ্য কপাই তুলিছিল। স্বামী আৰু শাহুৱেকক টুকুৰা টুকুৰকৈ কাটি হত্যা কৰা ডাবল মাৰ্ডাৰ কাণ্ডৰ মুল অভিযুক্ত বন্দনা কলিতাক অহা ২৩ মে’ত আদালতত হাজিৰ কৰোৱা হ’ব । বন্দনাৰ লগতে এই হত্যাকাণ্ডৰ লগত জড়িত থকা আৰু দুজন অভিযুক্ত ধনটি আৰু অনুপ ডেকাকো হাজিৰ কৰোৱা হ’ব আদালতত।
ইতিমধ্যে ঘটনা সংঘটিত হোৱা প্ৰায় তিনিমাহৰ পাছত মহানগৰ আৰক্ষীয়ে দাখিল কৰিছিল ১৪০০ পৃষ্ঠাজোৰা অভিযোগনামা। মহানগৰ আৰক্ষীয়ে অভিযোগনামা দাখিলৰ পিছতেই আদালতে উক্ত হত্যাকাণ্ড সন্দৰ্ভত পঞ্জীয়ন হোৱা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে। ইয়াৰ বাবে মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত পঞ্জীয়ন হৈছে পিচিআৰ-৭৩৮/২০২৩ নম্বৰৰ এক গোচৰ। বন্দনা কলিতাৰ লগতে এই হত্যাকাণ্ডত তেওঁক সহযোগ কৰা দুই সহযোগী ধনটি আৰু অনুপ ডেকাৰ বিৰুদ্ধেও এই অভিযোগনামাত সন্নিৱিষ্ট কৰা হৈছে বিভিন্ন অভিযোগ। বন্দনা কলিতাৰ লগত জড়িত হৈ থকা ধনটি আৰু অনুপ ডেকাৰ বিৰুদ্ধেও একে সময়তে চলিব বিচাৰ প্ৰক্ৰিয়া। ভাৰতীয় দণ্ডবিধিৰ ৩০২, ২০১ আৰু ৩৪ নং ধাৰা আৰোপ কৰি পঞ্জীয়ন হোৱা গোচৰটো সন্দৰ্ভত অহা ২৩ মে’ত আদালতত হাজিৰ কৰোৱা হ’ব তিনিওজনকে।