নিউজ ডেস্ক: ২ জুনৰ নিশা সংঘটিত হোৱা উৰিষ্যাৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত প্ৰায় ৩০০ লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৯০০ৰো অধিক লোক আহত হয়। ভাৰতৰ ভিতৰত চতুৰ্থতম ভয়াবহ এই ৰে’ল দুৰ্ঘটনাটো বালাছ’ৰৰ বাহানাগা বাজাৰ ষ্টেচনৰ সমীপত সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয়।
এই ভয়াবহ ৰে’ল দুৰ্ঘটনাত কেইবাটাও শিশুৱে নিজৰ পিতৃ-মাতৃক হেৰুৱাবলগা হৈছে। এই দুৰ্ঘটনাত পিতৃ-মাতৃক হেৰুওৱা শিশু সকলৰ দায়িত্ব আৰু ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হোৱা সময়তে তেওঁলোকৰ শিক্ষাৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিছে দেশৰ আগশাৰীৰ কৰ্পৰেট গোষ্ঠী ‘আদানী গোট’।
আদানী গোটৰ অধ্যক্ষ গৌতম আদানীয়ে টুইট কৰি লিখিছে, “আমি সিদ্ধান্ত লৈছোঁ যে এই দুৰ্ঘটনাত পিতৃ-মাতৃক হেৰুওৱা শিশুসকলৰ স্কুলীয়া শিক্ষাৰ দায়িত্ব আদানী গোটে ল’ব। ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালক শক্তি প্ৰদান কৰাটো আমাৰ সকলোৰে যৌথ দায়িত্ব”।