নিউজ ডেস্ক: আজি সচিবগৰাকীৰ ঘৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ শৃংখল চলিহাক গৃহ বন্দী কৰিছে । বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ ঘৰ ঘেৰাও আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে নিৰ্মল মূৰেক নামৰ এজন ঠিকাদাৰে ৰাজপথ নিৰ্মাণৰ কাম চলাই আছিল, ঠিকাদাৰ জনৰ নেতৃত্বত থকা ৰাজপথটোৰ কাম-কাজ সন্দৰ্ভত প্ৰশ্ন কৰোতে এজেৱা চিপিৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাৰক প্ৰহাৰ কৰিছিল ঠিকাদাৰজনে । কেইদিনমান পূৰ্বে এটা ভিডিঅ’ত যোগেদি পোহৰলৈ আহিছিল এই কথা ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছিল যে ঠিকাদাৰজনে জেৱাইচিপিৰ নেতা লক্ষী দাস পানিকাৰক চৰিয়াইছিল।

ঘটনাৰ পাছতে শৃংখল চলিহাই ঠিকাদাৰ নিৰ্মল মূৰেক ফোন যোগে ধমক দিছিল। ধমক দিয়াৰ পাছতেই আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে লাচিত সেনাৰ প্ৰশাসনিক সচিবগৰাকীৰ ঘৰ ঘেৰাও কৰে ।

এই সন্দৰ্ভত শৃংখল চলিহাই কয় যে, তেওঁ জেললৈ যাবলৈ সাজু,কিন্তু অনা অসমীয়াক দিয়া চৰ গোৰ সহ্য কৰা নহ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply