নিউজ ডেস্ক: নতুনকৈ নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলক ২৬ মে’ৰ পৰিৱৰ্তে অহা ২৫ মে’ত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। গৃহমন্ত্ৰী অমৃত শ্বাহৰ অসম ভ্ৰমণৰ কাৰ্যসূচী কিছু সালসলনি হোৱাৰ বাবে এই সিন্ধান্ত গ্ৰহন কৰিছে অসম চৰকাৰে।

উল্লেখ্য যে চৰকাৰী চাকৰিত নতুনকৈ নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলক গৃহমন্ত্ৰী অমৃত শ্বাহৰ উপস্থিতিত নিযুক্তি পত্ৰ প্ৰদান কৰা দিন ঘোষণা কৰিছিল চৰকাৰে।

৮ মে’ তাৰিখে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি ১১ মে’ৰ পৰিৱৰ্তে ২৬ মে’ত নিযুক্তি পত্ৰ দিয়া কথা উল্লেখ কৰিছিল । কিন্তু সেই সময়ত মণিপুৰত চলি থকা পৰিৱেশ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখিয়ে গৃহমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণৰ কাৰ্যসূচী ২৬ মে’লৈ পিছুৱাই দিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply