মঙলবাৰে জনতা ভৱনত অনুষ্ঠিত অসম কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।

উল্লেখ্য যে, গুজৰাটত অনুষ্ঠিত ৩৬সংখ্যক ৰাষ্ট্রীয় ক্রীড়াত পদকপ্ৰাপক ১০গৰাকী অসমৰ খেলুৱৈলৈ সন্মান হিচাপে তৃতীয় বর্গৰ পদত নিযুক্তি,  লোকতন্ত্র সেনানীৰ ত্যাগৰ সন্মানার্থে মাহিলি পেঞ্চন,  ৮টা কোম্পানীৰ সৈতে ৮টা মেগা প্রকল্প স্থাপনৰ হেতু বুজাবুজি চুক্তি আদি সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়।

চহৰ গেছ বিতৰণ

  • চহৰ গেছ বিতৰণ প্ৰকল্পৰ হেতু অইল ইণ্ডিয়া লিমিটেডৰ সৈতে এক যৌথ উদ্যোগ কোম্পানী (জে ভি চি) স্থাপন কৰা হ’ব, য’ত থাকিব অসম গেছ কোম্পানী লিমিটেডৰ ইকুইটি বিনিয়োগ তথা ৫১% অংশীদাৰিত্ব।
  • চিজিডি নেটৱৰ্কে ইন্ধন হিচাপে প্রাকৃতিক গেছৰ উপলব্ধতা আৰু আবণ্টিত জিলা – লখিমপুৰ, ধেমাজি, দং, ওদালগুৰি আৰু শোণিতপুৰত অৰ্থনৈতিক কাৰ্যপন্থা বৃদ্ধি কৰিব।
  • এই প্ৰকল্পটোৱে আবণ্টিত ভৌগোলিক এলেকাসমূহত নতুন আন্তঃগাঁথনি সৃষ্টি আৰু প্ৰায় ১৫০টা প্রত্যক্ষ আৰু ১,৫০০টা পৰোক্ষ নিযুক্তিৰ সুযোগ সৃষ্টিত সহায় কৰিব।

৮টা মেগা প্রকল্পৰ বাবে বুজাবুজি চুক্তি-

  • ৮টা কোম্পানীৰ সৈতে ৮টা বৃহৎ প্ৰকল্পৰ স্থাপন প্রস্তাৱৰ বাবে ৮,২০১.২৯ কোটি টকা বিনিয়োগ।
  • কোম্পানীসমূহৰ সৈতে ৯ মে’ ২০২৩ তাৰিখে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব।
  • এই বৃহৎ প্রকল্পসমূহে প্রায় ৬,১০০ নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা বহন কৰিছে।

সীমান্ত সমস্যা সমাধান-

  • আন্তঃৰাজ্যিক সীমান্ত সমস্যা সমাধানৰ বাবে অসম চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব।

লোকতন্ত্র সেনানীলৈ সন্মান-

  • ১ জৰুৰীকালীন সময়ত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ আন্দোলনত অংশগ্ৰহণ কৰা লোকতন্ত্র সেনানীসকলক মাহিলি ১৫,০০০ টকা পেঞ্চন প্ৰদান কৰা হ’ব।
  • ১ ভৱিষ্যতে মুখ্যমন্ত্ৰীৰ যথাযথ তৎপৰতা আৰু অনুমোদনৰ পাছত অধিক লোকতন্ত্র সেনানী অন্তর্ভুক্ত কৰাত অনুমোদন।
  • এই পেঞ্চন সম্ভাব্য প্রেক্ষাপট সাপেক্ষে লোকতন্ত্র সেনানীসকলৰ বিধৱা আৰু অবিবাহিত কন্যাসকললৈ সম্প্ৰসাৰণ কৰা হ’ব।
  • এই পদক্ষেপ লোকতন্ত্র সেনানীসকলৰ ত্যাগক সন্মানৰ অৰ্থে আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ জীৱিকাত বিৰূপভাবে প্রভাৱিত কৰা অকথিত দুখ-কষ্ট দূৰীকৰণৰ বাবে গ্ৰহণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply