আগন্তক কৰ্ণাটক বিধানসভা নিৰ্বাচনী প্ৰচাৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে বুধবাৰে কৰ্ণাটকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ১৮ এপ্ৰিল তাৰিখে ষ্টাৰ কেম্পেইনাৰ সকলৰ তালিকা প্ৰকাশ কৰে।
১০ মে’ত অনুষ্ঠিত হ’বলগীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে ৪০ ষ্টাৰ কেম্পেইনাৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম সন্নিবিষ্ট কৰা হৈছে।
লগতে এই তালিকাত থকা আন কেন্দ্ৰীয় নেতাসকলৰ ভিতৰত আছে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নিৰ্মলা সীতাৰমণ, নীতিন গাডকাৰী আৰু স্মৃতি ইৰানী।
উল্লেখ্য যে এই তালিকাত নাম নাই সৰ্বানন্দ সোণোৱালৰ ।