ৰাজ্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ এখন থিয়েটাৰৰ নাম অসমৰ জীয়ৰী অন্নদা গোহাঁইৰ নামেৰে নামাকৰণ কৰা হৈছে। ছিডনীৰ ইউএনএছডব্লিউত(UNSW) চিএলবিৰ ভিতৰত থকা লেকচাৰ থিয়েটাৰ জি ০৬ৰ নাম অন্নদা গোহাঁই থিয়েটাৰ নামেৰে নামাকৰণ কৰা হৈছে। ।

অন্নদা গোহাঁই আছিল গুৱাহাটীৰ নিজাৰাপাৰৰ প্ৰখ্যাত শিক্ষাবিদ মহেন্দ্ৰ নাথ গোহাঁইৰ কন্যা আৰু সমালোচক তথা পণ্ডিত ড০ হীৰেন গোহাঁইৰ জ্যেষ্ঠ ভগ্নী। গোহাঁই খাৰঘুলি বাসিন্দা আছিল। ২০১১ চনৰ ১৯ ছেপ্টেম্বৰত ৮১ বছৰ বয়সত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় অন্নদা গোহাইৰ। ২০০৭ চনত অসম চৰকাৰৰ পৰা অতিৰিক্ত সঞ্চালক (কৃষি) হিচাপে অৱসৰ গ্ৰহণ কৰে।

ইউএনএছডব্লিউৰ (UNSW) স্কুল অৱ কেমিকেল ইঞ্জিনিয়াৰিঙৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল গোহাঁই। ইয়াৰ পিছত ১৯৫৯ চনৰ ১৩ জুলাইত একেখন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁৰ গৱেষণাৰ বিষয় আছিল Production of High Quality Orange Juice Concentrate.

শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে টুইটাৰযোগে এই উন্নয়ন নিশ্চিত কৰি লিখিছে- “UNSW ৰ স্কুল অৱ কেমিকেল ইঞ্জিনিয়াৰিঙৰ পৰা স্নাতক হোৱা প্ৰথমগৰাকী মহিলা অন্নদা গোহাঁইৰ নামেৰে থিয়েটাৰৰ নামকৰণৰ @UNSW-এ কৰা ইংগিতৰ বিষয়ে জানিবলৈ পাই হৃদয়স্পৰ্শী।”

পেগুৱে লগতে কয়, “মহিলাৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁ আছিল এগৰাকী ট্ৰেইলব্লেজাৰ আৰু তেওঁৰ কাহিনীয়ে সমগ্ৰ বিশ্বৰ মহিলাসকলক তেওঁলোকৰ সপোনক আগুৱাই নিবলৈ অনুপ্ৰাণিত কৰি যাব।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply