নিউজ ডেস্ক: যোৱা ২৫ এপ্ৰিলত কলকতাৰ শৰৎ সদনত অনুষ্ঠিত হোৱা গ্ৰেট ইণ্ডিয়ান ফিল্ম শ্বৰ্ট ফেষ্টিভেলত চিজন-৩ অসমীয়া কথাছবি “চন্দ্ৰ সূৰ্য আদি” য়ে লাভ কৰিলে শ্ৰেষ্ঠ ছবিৰ সন্মান। শিৱসাগৰ জিলাৰ আমগুৰিৰ উদীয়মান যুৱক ৰমেন গগৈৰ দ্বাৰা পৰিচালিত ছবিখনে লাভ কৰিলে শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা।

ফিল্ম শ্বৰ্ট ফেষ্টিভেলত চিজন-৩ ত ফিলিপাইন, ভিয়েটনাম, শ্ৰীলংকা আদিকে ধৰি বিশ্বৰ ১৭ খন দেশৰ ১০১৪ খন চলচ্চিত্ৰৰ মাজত শ্ৰেষ্ঠ কথাছবিৰ সন্মান লাভ কৰে ৰমেন গগৈৰ দ্বাৰা পৰিচালিত ছবিখনে। ২০২২ চনৰ জুলাই মাহত ছবিখনে মুক্তি লাভ কৰিছিল। ছবিখন নিৰ্মাণ কৰা হৈছিল অসমৰ গৌৰৱ, পৃথিৱী বিখ্যাত এশিঙিয়া গঁড় সুৰক্ষাত নিয়োজিত বনকৰ্মীসকলৰ ওপৰত।

উল্লেখ্যযোগ্য যে ছবিখনৰ চিত্ৰগ্ৰহণ আৰু সম্পাদনা আছিল নাছিৰুল হুছেইনৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অতনু কাশ্যপ, দীপ কুমাৰ শইকীয়া, আৰু মুষ্য পি চুতীয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply