নিউজ ডেস্ক: শাম কটা নাই দেশৰ মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ। ৩০ মে’ৰ সন্ধিয়া গংগাত সকলো পদক বিসৰ্জন দিবলৈ মল্লযুঁজাৰুসকলে। সন্ধিয়া ৬ বজাত হৰিদ্বাৰত এই পদক বিসৰ্জন দিব তেওঁলোকে।

এই মন্তব্য কৰে সাক্ষী মালিক, ভিনেশ ফোগাট, বজৰং পুনিয়াৰ দৰে মল্লযুঁজাৰুসকলৰ। দীৰ্ঘদিন ধৰি তেওঁলোকে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে মল্লযুঁজাৰুসকলে এই সিদ্ধান্ত লৈছে।

২৮ মে’ত নতুন সংসদ ভৱন উদ্বোধনৰ সময়তো তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰিছিল। সেই সময়ত সাক্ষী আৰু সহযোগীসকলক বলপূৰ্বকভাৱে আটক কৰে আৰক্ষীয়ে।

মঙলবাৰে অলিম্পিকৰ পদক বিজয়ী সাক্ষীয়ে টুইট কৰি কয়, “এই পদকসমূহে আমাৰ জীৱন। আজি সেইবোৰ গংগাত পেলাই দিয়াৰ পিছত আমাৰ জীয়াই থকাৰ আৰু কোনো অৰ্থ নাই। সেয়ে, পদকবোৰ পেলাই দিয়াৰ পিছত আমি ইণ্ডিয়া গেটৰ সন্মুখত আমৰণ অনশনত বহিম।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply