নিউজ ডেস্ক: আগন্তুক বিধানসভা আৰু ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিবলৈ ১১ জুনত নতুন দিল্লীত বিজেপিয়ে আয়োজন কৰিছে এক গুৰুত্বপূৰ্ণ বৈঠক। দিল্লীৰ এই বৈঠকত বিজেপিৰ শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব। লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু সাধাৰণ সম্পাদক বি এল সন্তোষৰ লগতে ৰাজ্যিক সংগঠনৰ সম্পাদকসকলো বৈঠকত উপস্থিত থাকিব ।
তথ্য অনুসৰি, এই বৈঠকৰ মূল উদ্দেশ্য আগন্তুক বিধানসভা নির্বাচন আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ওপৰত ৰণনীতি প্ৰস্তুত কৰা । বুধবাৰে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই উত্তৰ প্ৰদেশৰ উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰত দলীয় কৰ্মীসকলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয়। তেওঁ দলীয় কৰ্মীসকলক সক্ৰিয় হৈ থাকিবলৈ আৰু জনসাধাৰণৰ কাষলৈ যোৱাৰ বিভিন্ন উপায় বিচাৰিবলৈ নিৰ্দেশ দিয়ে।
বিজেপিৰ এটা সূত্ৰই কোৱা মতে যে সেই বৈঠকত বিজেপিৰ মুৰব্বী জে পি নাড্ডাই দলটোৰ নতুন আৰু পুৰণি কৰ্মীসকলক এটা গুৰুত্বপূৰ্ণ মন্ত্রণা দিয়ে ৷ এই সময়ছোৱাত তেওঁ দলীয় কর্মীসকলক কয় যে, তেওঁলোকে তৃণমূল পৰ্যায়ৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আৰু জনসাধাৰণৰ মন জয় কৰাৰ বাবে বিভিন্ন উপায় বিচাৰিব লাগিব ।