নিউজ ডেস্ক: আজি ডিব্ৰুগড়ৰ পৰা ইণ্ডিগ’ বিমানেৰে কলকতালৈ লৈ নিয়া হ’ল ফাইজান আহমেদৰ মৃতদেহ। ১২ বজাৰ পূৰ্বে ডিব্ৰুগড় বিমানবন্দৰৰ পৰা ইণ্ডিগ’ বিমানেৰে লৈ যোৱা হ’ল মৃতদেহটো । ফাইজানৰ মৃতদেহৰ সৈতে পিতৃ-মাতৃ আৰু খড়গপুৰ সদৰ আৰক্ষী থানাৰ পৰিদৰ্শক আৰু আন তিনি আৰক্ষী বিষয়াও লগত গৈছে। কলকাতা হাই ক’ৰ্টৰ নিৰ্দেশত মৰ্মে দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব ফাইজানৰ।

উল্লেখ্য যে আঠ মাহৰ পূৰ্বে সংঘটিত হোৱা এটা ঘটনাই এহাল পিতৃ-মাতৃৰ বুকু উকা কৰি পেলাইছিল। নিজ সপোন পূৰাবলৈ ঘৰৰ পৰা আঁতৰত থাকি পঢ়িবলৈ গৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ যুৱকজন। খড়গপুৰ আই আই টি ত (IIT) স্থান পাইছিল ফাইজানে । সকলো স্বাভাৱিকভাৱে চলি থকাৰ মাজতে ২০২২ চনৰ ১৪ অক্টোবৰত চিৰদিনৰ বাবে হেৰাই গৈছিল ফাইজান । হোষ্টেলৰ কোঠাত অর্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল ফাইজানৰ মৃতদেহ ৷

কিন্তু ফাইজানৰ পিতৃ-মাতৃয়ে এয়া আত্মহত্যা নহয়, হত্যাহে বুলি অভিযোগ কৰি দ্বাৰস্থ হৈছিল ন্যায়ালয়ৰ। তাৰপাছতে কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাষ্ঠাই আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাত ভালেমান গাফিলতি থকা বুলি উল্লেখ কৰি পুনৰ ফাইজানৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ যুগান্তকাৰী নিৰ্দেশ প্ৰদান কৰে।

সেই নিৰ্দেশনাৰ ভিত্তিতেই কলিকতাৰ পৰা এটা তদন্তকাৰী দল উপস্থিত হৈ দক্ষিণ আমোলাপট্টি কবৰস্থানৰ পৰা মংগলবাৰে মৃতদেহটো খান্দি উলিয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply