নিউজ ডেস্ক: মুম্বাইত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। দিল্লীৰ শ্ৰদ্ধা কাণ্ডৰ পাছতে এইবাৰ মুম্বাইত সংঘটিত হৈছে অনুৰুপ ঘটনা। ৫৬ বছৰীয়া এজন লোকে সংগীক হত্যা কৰি টুকুৰা টুকুৰকৈ মৃতদেহটো কাটি প্ৰমাণ নষ্ট কৰিবলৈ মৃতদেহৰ টুকুৰাবোৰ সিজালে প্ৰেচাৰ কুকাৰত। ঘটনাটো সংঘটিত হৈছে মীৰা ৰোড অঞ্চলৰ আকাশগংগা ভৱনত।
উল্লেখ্য যে ঘটনাটো সংঘটিত কৰি লোকজনে মৃতদেহটোৰ টুকুৰাবোৰ ৰুমৰ ভিতৰতে লুকুৱাই ৰাখিছিল। শেহতীয়াকৈ কাষৰ ফ্লেটটোৰ পৰা দুৰ্গন্ধ নিৰ্গত হৈছিল । লগে লগে ওচৰ-চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে । পাছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আকাশগংগা ভৱনৰ এটা ফ্লেটৰ পৰা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে । প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে ৫৬ বছৰীয়া এজন লোকক গ্ৰেপ্তাৰ কৰিছে ।
লোকজন মনোজ সাহানী বুলি জানিব পৰা গৈছে। সাহানীয়ে আৰক্ষীক জনোৱা মতে খঙত নিজৰ সংগী সৰস্বতী বৈদ্যক(৩৬) তেওঁ হত্যা কৰিছিল আৰু মৃতদেহ কাটি ফ্লেটত লুকুৱাই ৰাখিছিল।
জানিব পৰা মতে তেওঁলোক দুয়োৰে মাজত বুজাবুজি আছিল যদিও শেহতীয়াকৈ কিছুমান বিষয়ক লৈ তেওঁলোকৰ মাজত কাজিয়া হৈছিল । ইয়াৰ পাছত এদিন দুয়োৰে মাজত কাজিয়া হয় আৰু মনোজে খঙতে সৰস্বতীক হত্যা কৰে।
উল্লেখ্য যে, অভিযুক্তজনক আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে। লগে লগেই তেওঁক ভায়ান্দৰ আদালতত হাজিৰ কৰাই। আদালতে অভিযুক্তক ১৬ জুনলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।
মুম্বাই আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত বাজবলে সদৰি কৰা মতে মনোজে জেৰাৰ সময়ত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে । হত্যাকাণ্ডৰ পাছত প্ৰমাণ নষ্ট কৰিবলৈ মনোজে কুকাৰত মৃতদেহটো সিজাইছিল । এই সন্দৰ্ভত আৰক্ষীয়ে মনোজক জেৰা অব্যাহত ৰাখিছে ।