নিউজ ডেস্ক : অহা ১০ মে’ত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপুতি সম্পূৰ্ণ হ’ব । তাৰ পূৰ্বে সোমবাৰে জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিন্ধান্ত গ্ৰহন কৰা হয়।

অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহন কৰা গুৰুত্বপূৰ্ণ সিন্ধান্তসমুহ হ’ল-

  • গুৱাহাটী ৰেলৱে ষ্টেচনত দ্বিতীয়খন প্ৰৱেশদ্বাৰ নিৰ্মাণ- গুৱাহাটী ৰে’ল ষ্টেচনলৈ যাত্ৰা কৰা যাত্ৰীসকলৰ সমস্যা দূৰীকৰণৰ হেতু গুৱাহাটী ৰে’ল ষ্টেচনৰ দ্বিতীয় প্ৰৱেশদ্বাৰ নিৰ্মাণৰ বাবে এ এছ টি চিৰ (ASTC) অন্তৰ্ভুক্ত পল্টনবজাৰৰ ভূমি ৰে’লৱে কৰ্তৃপক্ষলৈ হস্তান্তৰত অনুমোদন জনায়। ৪ বিঘা ৪ কঠা ১৯ লেচা ভূমিত ৰে’লৱেই দ্বিতীয়খন প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিব। ইয়াৰ বিনিময়ত এ এছ টি চিয়ে (ASTC) জালুকবাৰীত ৰে’লৱেৰ মাটিত ই ভি এল ভিত্তিত ভূমিৰ সমমূল্য লাভ কৰিব আৰু লগতে এ এছ টি চিয়ে (ASTC) পল্টন বজাৰত বৰ্তমানৰ কাৰ্যালয়ৰ ডেপ্রিচিয়েটেড মূল্য লাভ কৰিব।
  • প্ৰাক্তন সেনাবাহিনী আৰু তেওঁলোকৰ পৰিয়ালৰ সম্পত্তিৰ পঞ্জীয়ন মাচুল ৰেহাই- সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান বা তেওঁৰ পত্নীয়ে অসমত যদি ক’ৰবাত এবাৰ ভূমি ক্ৰয় কৰে, তেন্তে ৭৫ শতাংশ ভূমিৰ মূল্য ৰেহাই পাব। ই প্ৰায় ১১,০০০ হিতাধিকাৰীক সহায় কৰিব।
  • অসমত ফৰেনছিক বিজ্ঞান খণ্ডৰ বিকাশ- অসম চৰকাৰ আৰু গুজৰাটৰ ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় (এন এফ এছ ইউ), গান্ধীনগৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ কৰি চাংসাৰিত ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ সিন্ধান্ত গ্ৰহন কৰা হৈছে।
  • ইয়াৰ লগতে, ৰাজ্যিক কৰ্মচাৰীসকলৰ মাজত কামৰ গতিশীলতা আনিবৰ বাবে এক অধ্যাদেশত অনুমোদন জনাইছে কেবিনেটে। সেই অনুসৰি সমগ্ৰ চাকৰি জীৱন কেৱল এটা বিভাগতে কৰ্মৰত নহ’বও পাৰে কৰ্মচাৰীজন। নিৰ্দেশনা জাৰি হোৱাৰ পিছৰে পৰা নতুন নিযুক্তি প্ৰাপ্তসকলে অন্য বিভাগত চাকৰি কৰিবলগীয়া হ’ব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply